ৰাষ্ট্ৰীয়

সুদীৰ্ঘ ৪১ বছৰৰ অন্তত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী দলৰ…

টকিঅ’ অলিম্পিকৰ পৰা দেশবাসীলৈ আহিছে আন এক ভাল খবৰ।

টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী দলৰ।

দেওবাৰে টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত গ্ৰেইট ব্ৰিটেইনক ৩-১ গ’লৰ ব্যাৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ উপৰিও টকিঅ’ত আন এটা পদক জয়ৰ সম্ভাৱনা প্ৰকট কৰে।

মেছখনত ভাৰতৰ হৈ গ’লকেইটা স্ক’ৰ কৰে দিলপ্ৰীত, গুৰজান্তে আৰু হাৰ্দিকে।

ছেমিফাইনেলত বেলজিয়ামৰ মুখামুখি হ’ব ভাৰতীয় পুৰুষ হকী দলটো।

ছেমিফাইনেলত জয়ী হ’ব পাৰিলেই ভাৰতৰ আন এটা অলিম্পিক পদক নিশ্চিত হ’ব।

উল্লেখযোগ্য যে, ভাৰতৰ পুৰুষ হকী দলটোৱে ১৯৭২ চনত অন্তিমবাৰৰ বাবে অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল।

সূদীৰ্ঘ ৪১ বছৰ পিছত অলিম্পিকত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে।

১৯২৮ চনৰ পৰা ৮০ চনলৈ ৮বাৰ হকীত স্বৰ্ণ পদক লাভ কৰিছিল ভাৰতে।

১৯৬০ চনত অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল ভাৰতীয় হকী দলে।

১৯৬৮ আৰু ১৯৭২ চনত অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *