মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ গোচৰ প্ৰত্যাহাৰ কৰা সিদ্ধান্ত।
বিতৰ্কিত মন্তব্য কৰা সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে থকা FIR উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
1/2
— Himanta Biswa Sarma (@himantabiswa) August 1, 2021
To take this goodwill gesture ahead, I have directed @assampolice to withdraw FIR against K. Vanlalvena , Honble MP, Rajya Sabha from Mizoram. However cases against other accused police officers will be pursued.
অৱশ্যে এই ক্ষেত্ৰত অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱা নহয়।
টুইটাৰ যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, উচতনিমূলক মন্তব্য প্ৰদান কৰা সাংসদগৰাকীক দিল্লীত বিচাৰি চলাথ কৰিছিল অসম আৰক্ষীৰ দলে।
কিন্তু দিল্লীৰ বাসভৱনত নাছিল সাংসদগৰাকী।
উল্লেখ্য যে, মিজোৰাম আৰক্ষীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দিয়া গোচৰ উঠাই লোৱাৰ লগেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংমাইয়ো সকলো পৰিহাৰ কৰি শান্তি ৰক্ষাৰ বাবে আহ্বান জনাইছিল।
1/1
— Himanta Biswa Sarma (@himantabiswa) August 1, 2021
I have noted statements in media by Honble CM @ZoramthangaCM wherein he has expressed his desire to settle the border dispute amicably. Assam always wants to keep the spirit of North East alive. We are also committed to ensuring peace along our borders.
আনহাতে আন এক টুইটত ৰাজ্যৰ সীমান্তত শান্তি অটুট ৰখাৰ বাবে বদ্ধ পৰিকল্প বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই









