অসম

অসম আৰক্ষীক মিজো সাংসদৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ গোচৰ প্ৰত্যাহাৰ কৰা সিদ্ধান্ত।

বিতৰ্কিত মন্তব্য কৰা সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে থকা FIR উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অৱশ্যে এই ক্ষেত্ৰত অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱা নহয়।

টুইটাৰ যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, উচতনিমূলক মন্তব্য প্ৰদান কৰা সাংসদগৰাকীক দিল্লীত বিচাৰি চলাথ কৰিছিল অসম আৰক্ষীৰ দলে।

কিন্তু দিল্লীৰ বাসভৱনত নাছিল সাংসদগৰাকী।

উল্লেখ্য যে, মিজোৰাম আৰক্ষীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দিয়া গোচৰ উঠাই লোৱাৰ লগেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংমাইয়ো সকলো পৰিহাৰ কৰি শান্তি ৰক্ষাৰ বাবে আহ্বান জনাইছিল।

 আনহাতে আন এক টুইটত ৰাজ্যৰ সীমান্তত শান্তি অটুট ৰখাৰ বাবে বদ্ধ পৰিকল্প বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই

Leave a Reply

Your email address will not be published. Required fields are marked *