সুখবৰ! টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত স্থান লাভ ৰীমা দাসৰ ‘Tora’s Husband’

নিউজ ডেস্কঃ ‘ভিলেজ ৰকষ্টাৰ’ৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বুকুত পৰিচয় লাভ কৰা অসমীয়া ছবি পৰিচালক ৰীমা দাসে আকৌ এবাৰ গৌৰৱাম্বিত কৰিছে সমগ্ৰ অসমবাসীক।

এইবাৰ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱৰ ৱৰ্ল্ড প্ৰিমিয়াৰত স্থান লাভ কৰিছে ৰীমা দাস পৰিচালিত আন এখন ছবিয়ে।

photo1659594660
সুখবৰ! টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত স্থান লাভ ৰীমা দাসৰ 'Tora's Husband’ 4

‘তৰা’জ হাজবেণ্ড’ (Tora’s Husband) শীৰ্ষক এই ছবিখন বিশ্বৰ অন্যতম বোলছবি মহোৎসৱ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত স্থান লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ছবিখনৰ পৰিচালক-নিৰ্মাতা ৰীমা দাস, কলা-কুশলীসকলৰ লগতে অসমবাসী।

photo1659594817
সুখবৰ! টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত স্থান লাভ ৰীমা দাসৰ 'Tora's Husband’ 5

উল্লেখ্য যে, এই ছবি মহোৎসৱৰ ৱৰ্ল্ড প্ৰিমিয়াৰলৈ বাছনি কৰা হৈছে বিশ্বৰ বিভিন্ন ভাষাৰ সৰ্বমুঠ ১০ খন ছবিক। যাৰ ভিতৰত ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’ (Tora’s Husband) নামৰ ছবিখনো এখন।

photo1659594871
সুখবৰ! টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত স্থান লাভ ৰীমা দাসৰ 'Tora's Husband’ 6

এই ১০খন ছবিয়ে বেষ্ট প্লেটফৰ্ম প্ৰাইজৰ যোগ্যতা অর্জন কৰিছে। এই বঁটাৰ মূল্য ২০,০০০ চিএডি। ১০খন ছবিৰ ভিতৰত বিচাৰকে বাছনি কৰা শ্ৰেষ্ঠ ছবিখনক এই বঁটা প্ৰদান কৰা হ’ব।