মাদ্ৰাছাত কি চলে পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই আমাৰ পৰা জ্ঞান লওঁকঃ বদৰুদ্দিন আজমল

নিউজ ডেস্কঃ মাদ্ৰাছাসমূহ জেহাদী, সন্ত্ৰাসবাদীৰ ঘাটী হিচাপে প্ৰতিপন্ন কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ ভাঙি পেলোৱাৰ যো-জা চলাইছে অসম চৰকাৰে। এই ক্ষেত্ৰত বিশেষ আগভাগ লৈ প্ৰতি দিনে ন ন মন্তব্য কৰি আহিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাই।

মাদ্ৰাছাক লৈ মন্ত্ৰী দুগৰাকীয়ে কৰি অহা মন্তব্যক লৈ ক্ষোভ ব্যক্ত কৰি মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আজমলে কয় যে মাদ্ৰাছাত বেয়া শিক্ষা দিয়া নহয়। মাদ্ৰাছাত কি শিক্ষা দিয়া হয়, সেই বিষয়ে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পৰা জ্ঞান লওক বুলিও মন্তব্য কৰে আজমলে। অৱশ্যে কথাই কথাই দুয়োগৰাকী মন্ত্ৰী তেওঁৰ ভাল বন্ধু বুলিও কয় সাংসদগৰাকীয়ে।

আনহাতে শাসকীয় পক্ষৰ নেতা-মন্ত্ৰীয়ে স্বাধীনতা আন্দোলনৰ সময়ত মাদ্ৰাছা সমূহে কি ভূমিকা পালন কৰিছিল বুলি কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰ দি আজমলে কয় যে সেই সময়তো মাদ্ৰাছা সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ বাবে লাখ লাখ মুছলমানক ফাঁচী দিয়া হৈছিল।

যদি সঁচাকৈয়ে মাদ্ৰাছা সমূহ জেহাদী বা সন্ত্ৰাসবাদীৰ ঘাটী হিচাপে ব্যৱহাৰ হৈ আহিছে, তেন্তে চৰকাৰৰ চোৰাংচোৱা বিভাগসমূহে পূৰ্বৰে পৰা কি কৰি আছিল বুলিও প্ৰশ্ন কৰে আজমলে। মাদ্ৰাছা ভাঙি পেলোৱা কাৰ্যই সমগ্ৰ মুছলমান জাতিকে অপমান কৰিছে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।