ৰাষ্ট্ৰীয়অসমীয়া

সীমান্তত নহয়, এইবাৰ কাটা তাঁৰৰ বেৰ দিয়া হ’ল চিনেমা হলৰ ভিতৰত, কাৰণ জানি আচৰিত হ’ব আপুনিও

নিউজ ডেস্ক। সীমান্তত নহয়, এইবাৰ চিনেমা হলৰ ভিতৰত দিয়া হ’ল কাটা তাঁৰৰ বেৰ। শুনি আচৰিত লাগিলেও এয়াই সত্য। চিনেমা হলত কাটা তাঁৰৰ বেৰ দিবলগীয়া হোৱাৰ আঁৰৰ কাহিনী শুনি তবধ মানিব আপুনিও।

২৫ মাৰ্চ, অৰ্থাৎ শুকুৰবাৰে দেশৰ প্ৰায় প্ৰতিটো ছবিগৃহত মুক্তিলাভ কৰিছে এছএছ ৰাজমৌলীৰ দ্বাৰা পৰিচালিত বহু আকাংক্ষিত ছবি ‘আৰআৰআৰ’।

জুনিয়ৰ এনটিআৰ, ৰামচৰণ, অজয় দেৱগণ আৰু আলিয়া ভাট অভিনীত এই ছবিখন মুক্তিৰ পাছতে ছবিগৃহত সৃষ্টি হৈছে বিৰ দি বাট নোপোৱা অৱস্থাৰ।

RRR Movie Review

মুক্তিৰ পূৰ্বৰে পৰাই বহু হেঁপাহেৰে ৰৈ থকা ছবি প্ৰেমীয়ে ‘আৰআৰআৰ’ৰ মুক্তিৰ পিছতে ভিৰ কৰিছে ছবিগৃহ সমূহত। ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে ১৯ কোটি টকাৰ ব্যৱসায় কৰিছে। বহু ছবিগৃহত ছবিখনৰ টিকট নাপাই নিৰাশাৰে উভতি আহিবলগীয়া হৈছে ছবিপ্ৰেমী।

FOS8cqQWYAQeebr

অন্ধ্রপ্রদেশৰ শ্রীকাকুলামৰ এটা ছবিগৃহতো শুকুৰবাৰে মুক্তিলাভ কৰে ‘আৰআৰআৰ’-এ। আন আন ছবিগৃহৰ দৰে শ্ৰীকাকুলামৰ এই ছবিগৃহটোতো ভিৰ কৰে দৰ্শকে। দৰ্শকৰ এনে ভিৰত চিনেমা হলৰ যাতে কোনো ক্ষতিসাধন নহয়, তাৰ বাবে পৰ্দাৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ কাটা তাঁৰৰ বেৰ দিয়াৰ ব্যৱস্থা কৰে ছবিগৃহৰ কৰ্তৃপক্ষই।

rrr 2

চিনেমা হলটোৰ এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, আল্লু অৰ্জুন অভিনীত ‘পুস্পা’ ছবিৰ মুক্তিৰ সময়ত ছবিগৃহটোত সৃষ্টি হৈছিল একেই ভিৰৰ পৰিস্থিতি। সেই সময়ত বহু দৰ্শকে আসন লাভৰ বাবে হুৰমূৰকৈ প্ৰৱেশ কৰিছিল চিনেমা হলৰ ভিতৰত।

আসন প্ৰত্যাশী দৰ্শকসকলে আনকি হলৰ মূল পৰ্দাৰ কাষলৈও গুছি গৈছিল। যাৰ ফলত চিনেমা প্ৰদৰ্শিত হোৱা পৰ্দাৰ লগতে চিনেমা হলৰ আন আন সামগ্ৰীৰ প্ৰচুৰ ক্ষতিসাধন হৈছিল।

FOiX1tzVIAUbucK

সেইবাবেই বহু আকাংক্ষিত ‘আৰআৰআৰ’ৰ মুক্তিলাভৰ সময়ত এইবাৰ দৰ্শকৰ আসনৰ সন্মুখত কাটা তাঁৰৰ বেৰ দি ভিৰ নিয়ন্ত্ৰণ আৰু চিনেমা হলৰ পৰ্দাৰ ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষাৰ চেষ্টা চলাইছে কৰ্তৃপক্ষই।

চিনেমা গৃহটোৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত। কিন্তু তাঁৰৰ বেৰৰ মাজেৰেও শুকুৰবাৰ আৰু শনিবাৰে অসংখ্য দৰ্শকে চিনেমা হলটোত ‘আৰআৰআৰ’ উপভোগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *