সাৱধান! ম’বাইল চাৰ্জত দি ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু…

শুৱাৰ সময়ত ম’বাইৱ চাৰ্জত লগাই আপোনাৰ কাষত ৰাখে নেকি?

যদি ৰাখে সাৱধান হওক! অন্যথা আপুনি সন্মুখিন হ’ব পাৰে ভয়ংকৰ বিপদৰ।

ম’বাইল বিস্ফোৰণ হৈ হ’ব পাৰে আপোনাৰ মৃত্যু পৰ্যন্ত।

তেনেই এক ঘটনা সংঘটিত হ’ল কৰিমগঞ্জত।

কৰিমগঞ্জৰ বনমালী ৰোডত মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

বিচনাত শুই ম’বাইল চাৰ্জত দি ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় যুৱকজনৰ।

মৃত যুৱকজন হৈছে প্ৰিতম নাথ।

ইয়াৰ পিছতে ঘটনাস্থলীত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।