গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণ…

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাক অপসাৰণ।

গুৱাহাটী মহানগৰৰ নলা-নৰ্দমা পৰিস্কাৰৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল আয়ুক্ত দেৱাশীষ শৰ্মাই।

একাংশ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটোৱেই আয়ুক্তগৰাকীৰ বাবে কাল হ’ল বুলি এতিয়া চৰ্চা চলিছে।

জাৱৰ নিষ্কাশনৰ সন্দৰ্ভত ঠিকা আৱন্তনত সংঘটিত হৈছিল দুৰ্নীতি।

এই সন্দৰ্ভত দেৱাশীষ শৰ্মাই লৈছিল কঠোৰ স্থিতি।

ইফালে কেইদিনমানৰ পূৰ্বে ফটাশীল আমবাৰীত মন্ত্ৰী অশোক সিংঘালে আয়ুক্তগৰাকীক ৰাজহুৱাকৈ দিছিল ধমক।