সাহিত্য একাডেমী বঁটাপ্ৰাপক সংস্কৃত পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি…

সাহিত্য একাডেমী বঁটাপ্ৰাপক সংস্কৃত পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি।

দৰঙৰ এগৰাকী মহীৰূহ, সাহিত্য একাদেমীৰ বটাঁৰে সন্মানিত, সংস্কৃত কাদম্বৰী আৰু পঞ্চতন্ত্ৰৰ অসমীয়া অনুবাদক, পণ্ডিত প্ৰৱৰ মঙলদৈ মহাবিদ্যালয় অৱসৰী অধ্যাপক, মঙলদৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট সংস্কৃত শাস্ত্ৰজ্ঞ পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ বাৰ্ধক্য জনিত ৰোগত শুকুৰবাৰে বিয়লি দৰঙৰ তেওঁৰ বামুনপাৰাৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫বছৰ।

তেওঁ ২০০২ চনত ‘কাদম্বৰী’ গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰিছিল। বাণভট্টৰ মূল সংস্কৃত একে নামৰ গ্ৰন্থৰ অনুবাদ হৈছে এই গ্ৰন্থখন।

সংস্কৃত পণ্ডিতগৰাকীয়ে সংস্কৃত গ্ৰন্থ ‘পঞ্চতন্ত্ৰ’ৰো অনুবাদ কৰিছিল।

তেওঁ ‘দৰঙী শব্দকোষ’ নামৰ দৰঙৰ অভিধানখনো সম্পাদনা কৰিছিল।

Leave a Comment