নিউজ ডেস্ক। নিজৰ জন্মভূমিত উপস্থিত হৈ শুকুৰবাৰে পুনৰ মা, মাতৃভাষা আৰু মাতৃভূমিক লৈ ভক্তিত গদগদ হৈ পৰিল দেশৰ মুখ্য ন্যায়াধীশ এনভি ৰমানা।
তেওঁ কয়, “মই সদায় তেলেগু হিচাপে গৌৰৱান্বিত আৰু তেলেগু ভাষা আৰু সংস্কৃতিৰ গৌৰৱ বজাই ৰখাৰ বাবে সদায় এক প্ৰকাৰে কাম কৰি যাম।”
শুকুৰবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ বীৰুলাপাডু মণ্ডলৰ তেওঁৰ জন্মস্থান পোন্নাভাৰামত মুখ্য ন্যায়াধীশগৰাকীক উষ্ম আদৰণি জনায় অঞ্চলবাসীয়ে।

মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ প্ৰথমবাৰলৈ উপস্থিত হয় নিজ মাতৃভূমিত।
ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক গাওঁখনৰ উপকণ্ঠৰ পৰা এখন সুসজ্জিত গৰুগাড়ীত উঠাই তেওঁৰ ঘৰলৈ অনা হয়।
মুখ্য ন্যায়াধীশ গৰাকীয়ে গৰুগাড়ীত উঠি নিজৰ জন্মভূমিলৈ অহাৰ দৃশ্যই সকলোকে আহ্লাদিত কৰি তোলে। পিছত গাঁওবাসীয়ে ৰমানাক জন্মভূমিত সম্বৰ্ধনা জনায়।

নিজৰ গাঁওখনত উপস্থিত হৈ মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “গাওঁখনৰ আশীৰ্বাদ, মৰম আৰু সহযোগিতাৰ বাবেই মই আজি এই স্থানত উপনীত হব পাৰিছোঁ।”
তেওঁ কেইবাবছৰ পূৰ্বে গাঁও খন এৰি গ’লেও গাঁওখনৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্ক সদায় অটুট আছে বুলিও মন্তব্য কৰে ৰমানাই।
পুৰণি দিনৰ স্মৃতি সুঁৱৰি তেওঁ কয়, “সেৱাৰ মূলমন্ত্ৰ আছিল মই মোৰ ককা-আইতা আৰু পিতৃ-মাতৃৰ পৰা অৰ্জন কৰা মূল্যৱান সম্পদ। মই মোৰ শিক্ষক ৰাজু ছাৰ আৰু মাৰ্কণ্ডেয়া ছাৰৰ প্ৰতি কৃতজ্ঞ, যাৰ পৰা মই মোৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিলো। আজিৰ এচি কোঠা আৰু এচি বাছৰ বিপৰীতে, মোৰ বিদ্যালয়খন শিক্ষকৰ ঘৰৰ সন্মুখৰ চোতালত বহি শিক্ষা লাভ কৰাৰ আমেজেই সুকীয়া আছিল।”
শৈশৱৰ দিনবোৰৰ কথা মনত পেলাই তেওঁ কয় যে যদিও তেওঁৰ দেউতাক কমিউনিষ্ট পাৰ্টিৰ সহানুভূতিশীল আছিল, ন্যায়াধীশ ৰমনাই স্বতন্ত্ৰ পাৰ্টিৰ আদৰ্শ ভাল পাইছিল।

তেওঁ কয়, “তীব্ৰ খোৱা পানীৰ অভাৱ আমাৰ অঞ্চলৰ এটা ডাঙৰ সমস্যা আছিল। মোৰ ককাদেউতাই গাওঁখনক খোৱা পানী যোগান ধৰে। পিছত, নগৰজুয়ান সাগৰ খাল নিৰ্মাণৰ পিছত সমস্যাটো কিছু পৰিমাণে সমাধান হৈছিল।”
তেওঁৰ গাওঁখনৰ পিছপৰা অৱস্থাই তেওঁক সদায় চিন্তিত কৰে বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অঞ্চলটোৰ কৃষকসকলে এতিয়াও ভূমি বিবাদ আৰু লাভজনক মূল্যৰ অভাৱৰ দৰে সমস্যাৰ সন্মুখীন হৈ আছে। তেওঁ কয়, “এই সমস্যাবোৰ দেশৰ সকলো ঠাইতে আছে। আমি সেইবোৰ একেলগে সমাধান কৰিব পাৰোঁ।”

তেলেগুৰ গৌৰৱ সকলোৱে বজাই ৰাখিব লাগে বুলি উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে যেতিয়াই মানুহে গম পায় যে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছে, তেওঁলোকে ৰাজ্যখনৰ নিৰ্মাণ কোম্পানীসমূহৰ কথা উল্লেখ কৰে, যিবোৰে সমগ্ৰ দেশত আৰু আনকি বিদেশতো মুখ্য আন্তঃগাঁথনি প্ৰকল্প, যেনে আফগানিস্তানৰ সংসদ ভৱন কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মুখ্য ন্যায়াধীশ গৰাকীৰ সম্বৰ্ধনা অনুষ্ঠানটোত পঞ্চায়ত ৰাজ মন্ত্ৰী পেড্ডিৰেড্ডী ৰামচন্দ্ৰ ৰেড্ডী আৰু প্ৰাক্তন মন্ত্ৰী মণ্ডলী বুদ্ধ প্ৰসাদেও বক্তব্য ৰাখে। ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ, অন্যান্য ন্যায়াধীশ, জনসংযোগ মন্ত্ৰী পি ভেংকটাৰামাইয়াও উপস্থিত থাকে অনুষ্ঠানটোত।









