শুকুৰবাৰে অন্ত পৰিল অসম বিধানসভাৰ শীতকালীন অধিৱশন৷
অধিৱেশন অন্ত পৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।
এই কবিনেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেট বৈঠকৰ অন্তত জনতাভৱনত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে।
কেবিনেটৰ সিদ্ধান্ত সমূহ হৈছে–
- চৰকাৰী কৰ্মচাৰী সকলৰ আপোন ঘৰ আচঁনিৰ অধীনত ৩১,৯৯৪ গৰাকীয়ে লোন পাইছে। আজি কেবিনেটে ১৩০ কোটি ৬৪ লাখ টকা মঞ্জুৰ কৰিছে আপোন ঘৰৰ বাবে। বাকী থকা কৰ্মচাৰী সকল উপকৃত হ’ব ইয়াৰ জৰিয়তে।
- অইল কোম্পানী সমূহক একেলগ কৰি এটা কোম্পানী কৰা হ’ব। তেওঁলোকৰ সকলো বিনিয়োগ এটা একাউন্টলৈ অহাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
- GeM PORTAL ৰ জৰিয়তে সকলো বস্তু ক্ৰয় কৰিব পাৰিব। লোকেল উদ্যোগেও GeM PORTAL ত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব।
- বেংক গ্যাৰান্টী, cotract সকলো লেন দেন ডিজিটেলি হ’ব।
- অঙ্গনাবাড়ী কৰ্মী আৰু সহায়িকা সকলে ৬০ বছৰ বয়সত অৱসৰ ল’ব লাগিব। কমেও ১০ বছৰ কাম কৰা সকলে অৱসৰৰ সময়ত ৪ লাখ আৰু সহায়িকাই ৩ লাখকৈ টকা পাব।
- মিনি অঙ্গনাবাড়ী কৰ্মী সকলে ২ লাখ টকাকৈ পাব।
- গুৱাহাটীত হ’ব আন এটা ৰ’পৱে। কেন্দ্ৰীয় চৰকাৰৰ PIYUSHIE ৬ মাহৰ ভিতৰত DPR প্ৰস্তুত কৰিব।
- NRL ৰ ২৬% শ্বেয়াৰ লৈছিল অসম চৰকাৰে। ৪১৬ কোটি টকা আজি ৰিলিজ কৰি দিয়া হৈছে। ইয়াৰ লগে লগে ২৬ % শ্বেয়াৰ ৰাজ্য চৰকাৰৰ লগত NRL ৰ পোনপটীয়াকৈ সম্পূৰ্ণ হ’ল। পূৰ্বতে অইলৰ লগত সংযোগ আছিল।
- নিযুক্তিৰ ক্ষেত্ৰত ২% EX SERVICE মেনৰ জৰিয়তে পূৰণ কৰা হ’ব।
- WOMEN COMMISION কাৰ্যক্ষম কৰাৰ বাবে বিশেষ ব্যৱস্হা। চেয়াৰমেনলৈ ৫০ হাজাৰ মাহে পাৰিতোষিক, ভাইচ চেয়াৰমেনলৈ ৪০ হাজাৰ আৰু মেম্বাৰক ৩৫ হাজাৰকৈ দিয়া হ’ব। নতুন গাড়ী দিয়া হ’ব। যাৱতীয় সকলো সা সুবিধাই দিয়া হ’ব। নাৰী জনিত সমস্যা সমূহ সমাধানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নাৰীজনিত বহু অভিযোগ আহিছে। সেই হেতু কমিচনৰ মানুহ যাতে ফিল্ডত গৈ কাম কৰিব পাৰে তাৰ বাবে এই ব্যৱস্হা কৰা হৈছে।
- লংকা টাউনত উচ্ছেদ হোৱাৰ পিছত আজি সেই ঠাইৰ ছাকমা ১০১টা পৰিয়াল আৰু গাৰো পৰিয়াল ৯৫ টাক মুঠ ১৯৬ টা পৰিয়ালক আঢ়ৈ কঠাকৈ ম্যাদী পত্তা ভূমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
- প্ৰশান্ত ফুকন, বিদ্যাছিং ইঙলেং ,ৰমাকান্ত দেউৰী আৰু বলিন চেতিয়াক আজিৰ কেবিনেটে প্ৰদান কৰিলে কেবিনেট মৰ্যাদা।
- ভৱেশ কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতাক কেবিনেট ৰেংক দিলে কেবিনেটে।
- তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো বিভাগৰ পদৰ এতিয়াৰে পৰা ২% পূৰণ কৰা হ’ব Ex Serviceman ৰ জৰিয়তে।
- বিদ্যুত বিভাগৰ অধীনষ্ঠ AEGCL ৰ ৬,৪২ কোটি লোণ equity লৈ পৰিৱৰ্তন কৰা হৈছে। বিদ্যুত বিভাগৰ আটাইকেইটা কোম্পানী এতিয়া প্ৰফিট মেকিং হ’ব। লগতে APGCL ৰো ৪৫৫ কোটি লোণ Equity লৈ পৰিৱৰ্তন কৰা হৈছে।









