অসমঅসমীয়া

হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি গ্ৰেপ্তাৰ হোৱা হ’লে আমাকো এনকাউণ্টাৰ কৰিলেহেঁতেনঃ অখিল গগৈ

নিউজ ডেস্ক। এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, ডিজিপি, দণ্ডাধীশ, ন্যায়াধীশ সকলো।

– পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে এতিয়া মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, ডিজিপি, ন্যায়াধীশ সকলো হিমন্ত বিশ্ব শৰ্মা। অসমত এতিয়া আদালতৰ কোনো প্ৰয়োজনেই নাই।

photo 2022 03 28 15 49 14

অখিল গগৈয়ে কয়, ‘হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি গ্ৰেপ্তাৰ হোৱা হ’লে আমাকো এনকাউণ্টাৰ কৰিলেহেঁতেন।’ এতিয়া মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও গ্ৰেপ্তাৰ কৰা হয় বুলি মন্তব্য কৰে অখিল গগৈয়ে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃ্ত্বাধীন চৰকাৰত প্ৰতিদিনাই সংঘটিত হৈ আহিছে এনকাউণ্টাৰৰ ঘটনা।

ক’ৰবাত যদি এনকাউণ্টাৰৰ সন্মুখীন হৈ প্ৰাণ হেৰুৱাইছে ড্ৰাগছ সৰবৰাহীয়ে, আন কেতিয়াবা আকৌ গুলীবিদ্ধ হৈ চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছে ধৰ্ষণকাৰী।

আনহাতে এই এনকাউণ্টাৰ ভুৱা বুলিও দাবী কৰি আহিছে বিৰোধীয়ে।

এনকাউণ্টাৰৰ অচিলা লৈ চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা সকলক দমন কৰাৰ পন্থা চৰকাৰে হাতত লোৱা বুলি অভিযোগ কৰি আহিছে অখিল গগৈকে ধৰি অন্যান্য বিৰোধী বিধায়কসকলে।

লগতে চাওকঃ

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

G1 29

Leave a Reply

Your email address will not be published. Required fields are marked *