অসমীয়াৰাষ্ট্ৰীয়

সাফল্যৰ অনন্য কাহিনী! এদিন বাওনা বুলি সকলোৱে হাঁহিছিল, আজি IAS বিষয়া হিচাপে কৰ্তব্যৰত ৩.৫ ফুট উচ্চতাৰ আৰতি ডোগ্ৰা…

নিউজ ডেস্কঃ সফলতা কাৰো বাবে সহজলভ্য নহয়। সফলতা প্ৰাপ্তিৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়।

কঠোৰ পৰিশ্ৰমী আৰু অধ্যাৱসায়ী আছিল তেওঁ। কিন্তু তেওঁৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল তেওঁৰ শৰীৰৰ উচ্চতা।

চাপৰ হোৱাৰ বাবেই সৰুৰে পৰাই আনৰ উপহাস সহি আহিবলগীয়া হৈছিল তেওঁ। আনকি সমনীয়াইও বাওনা বুলি জোকাইছিল তেওঁক।

image 107

কিন্তু শৰীৰৰ এই প্ৰতিবন্ধকতাকো নেওচি আজি প্ৰশাসনিক বিষয়া হিচাপে জিলিকি উঠিবলৈ সক্ষম হৈছে তেওঁ। তেওঁৰ কৰ্মোদ্যম, নিষ্ঠা আৰু সততা আন বহুতৰে বাবে এতিয়া প্ৰেৰণা।

image 102

তেওঁৰ নাম আৰতি ডোগ্ৰা। উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৱাসী আৰতিয়ে প্ৰথম প্ৰচেষ্টাতে ইউপিএছচি পৰীক্ষাত সফলতা অৰ্জন কৰি আজি আইএএছ বিষয়া হিচাপে কৰ্তব্য সম্পাদন কৰি আছে।

আইএএছ আৰতি ডোগ্ৰাৰ পিতৃ ৰাজেন্দ্ৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া হোৱাৰ বিপৰীতে মাতৃ কুসুম ডোগ্ৰা এখন বিদ্যালয়ৰ অধ্যক্ষ।

আৰতি ডোগ্ৰাৰ শাৰিৰীক উচ্চতা ৩.৫ ফুট। তেওঁৰ জন্মৰ পিছতে পিতৃ-মাতৃক চিকিৎসকে আৰতিৰ শাৰিৰীক অৱস্থাৰ বিষয়ে সকিয়াই দিছিল।

image 103

আনকি আৰতিয়ে কেতিয়াও সাধাৰণ জীৱন যাপন কৰিব নোৱাৰিব বুলিও জনাইছিল চিকিৎসকে।

কিন্তু চিকিৎসৰ এনে মন্তব্যক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই আৰতি ডোগ্ৰাই এগৰাকী সাধাৰণ ছাত্ৰীৰ দৰেই ডেৰাডুনৰ প্ৰতিষ্ঠিত বালিকা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পন্ন কৰিছিল।

ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে তেওঁ।

image 104

জীৱন কালত শাৰিৰীক উচ্চতাৰ বাবে আনৰ উপহাসৰ বলি হৈ অহা আৰতি ডোগ্ৰাই কিন্তু প্ৰতিষ্ঠা কৰাৰ যুদ্ধত নামি পৰিছিল।

২০০৫ চনত তেওঁ ইউপিএছচি অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ৫৬ সংখ্যক স্থান লাভ কৰি প্ৰথম প্ৰচেষ্টাতে সফলতা অৰ্জন কৰে।

image 105

আজি আইএএছ বিষয়া হিচাপে যথেষ্ট জনপ্ৰিয় আৰতি ডোগ্ৰা।

২০০৬ বেচৰ ৰাজস্থান কেডাৰৰ আইএএছ বিষয়াগৰাকীয়ে বিকানেৰৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যৰত হৈ থকা সময়ত মুকলি শৌচমুক্ত সমাজ প্ৰতিষ্ঠাৰ বাবে ‘বাংকো বিকানো’ অভিযান আৰম্ভ কৰিছিল।

image 106

এই কামৰ বাবে তেওঁক কেৱল ৰাজ্য চৰকাৰেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শলাগ লৈছিল।