জন্মৰ পিছতে মাতৃৰ পৰা বিচ্ছিন্ন গো পোৱালি! ৪ ঘণ্টাধৰি অভিযান চলাই গাইজনীক বিচাৰি উলিয়াই আৰক্ষীয়ে মিলন ঘটালে মাতৃ-সন্তানৰ…..

নিউজ ডেস্কঃ সদ্যোজাত এটা গো পোৱালিক কুকুৰৰ জাকৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰি মানৱতাৰ পৰিচয় দিলে উত্তৰপ্ৰদেশ আৰক্ষীয়ে।

দৰাচলতে উত্তৰ প্ৰদেশৰ বাঘপটৰ ৰাতল-ঢিকাউলি পথৰ সমীপৰ এখন আমৰ বাগিচাত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটা সদ্যোজাত গো পোৱালিক আক্ৰমণ কৰিছিল কুকুৰৰ জাকে।

সেই সময়ত বাইকেৰে গৈ থকা এজন ব্যক্তিয়ে গো পোৱালিটোক প্ৰত্যক্ষ কৰি বাঘপট আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নতুনকৈ জন্মপোৱা গৰু পোৱালিটোক কুকুৰৰ জাকটোৰ মাজৰ পৰা উদ্ধাৰ কৰে।

ইয়াৰোপৰি আৰক্ষীয়ে পোৱালিটোৰ পৰা বিচ্ছিন্ন হোৱা গাই জনীকো বিচাৰি উলিয়াবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰাতল, লাহচোড়া, গনা চিংগোলী আদি গাঁৱৰ অৰণ্যত আৰক্ষীয়ে ৪ ঘণ্টাৰো অধিক সময় ধৰি সন্ধান চলাই অৱশেষত গাইজনীক বিচাৰি উলিয়াবলৈ সক্ষম হয়।

এটা সদ্যোজাত গৰু পোৱালিক মাতৃৰ সৈতে পুনৰ মিলিত কৰাৰ বাবে আৰক্ষীয়ে চলোৱা প্ৰচেষ্টাৰ শলাগ লৈছে সমগ্ৰ অঞ্চলবাসীয়ে।