অসম

কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ শীঘ্ৰেই কাৰ্য্যকৰী কৰণৰ দাবী আক্ৰাছুৰ…

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুই।

সংবাদমেলত বিজেপি চৰকাৰক মিথ্যাচাৰী চৰকাৰ আখ্যা দিলে সংগঠনটোৱে।

বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি কোচ-ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ বাবে সংবাদমেলযোগে দাবী জনাই আক্ৰাছুৱে।

লগতে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ শীঘ্ৰেই কাৰ্য্যকৰী কৰণৰ দাবী সংগঠনটোৰ।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত শীঘ্ৰেই কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ কাৰ্য্যকৰী কৰণ কৰি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পুৰণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *