অসম

সাংসদ প্ৰদ্যুৎ বৰদলৈ সন্ধানহীন..! সমষ্টিত কােনে আঁৰিলে প’ষ্টাৰ?

নিউজ ডেস্ক। সাংসদ প্রদ্যুৎ বৰদলৈ সন্ধানহীন!

বহুদিন ধৰি নগাঁও সংসদীয় সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতাগৰাকীক দেখা নাই সমষ্টিবাসীয়ে।

দৰাচলতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ।

কিন্তু বান বিধ্বস্ত মৰিগাঁৱৰ বানপীড়িতৰ খবৰ ল’বলৈ আহৰি পোৱা নাই কংগ্ৰেছী সাংসদগৰাকীয়ে।

6

যাৰ বাবে মৰিগাঁও চহৰৰ বিভিন্ন স্থানত নিৰুদ্দেশৰ প’ষ্টাৰ আঁৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন ‘সহায়’ এ।

image 215

বানত বিধ্বস্ত মৰিগাঁওবাসীৰ এবাৰো খবৰ নকৰা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে যোৱা এটা মাহত দুবাৰকৈ মৰিগাঁও জিলাৰ বিস্তৃত অঞ্চল ভয়াৱহ বানত ক্ষতিগ্ৰস্ত হোৱা সত্ত্বেও এবাৰো বানপীড়িত ৰাইজৰ ওচৰত উপস্থিত হোৱা নাই।

যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে তেওঁ নিৰুদ্দেশ হোৱা বুলি প’ষ্টাৰ আঁৰি মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠনটোৱে।

‘সহায়ে’ কৰা এই অভিনৱ প্ৰতিবাদে ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে।

ইপিনে, নগাঁৱৰ সাংসদগৰাকীৰ সংসদৰ অনুমোদন ক্ৰমে ৩ সপ্তাহৰ শিক্ষামূলক অধ্যয়নৰ বাবে আমেৰিকালৈ যােৱা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে তেওঁ দিল্লীত উপস্থিত হৈছে যদিও সমষ্টিবাসীৰ কাষত কেতিয়া উপস্থিত হ’ব, সেয়া এতিয়াও স্পষ্ট হােৱা নাই।

লগতে চাওকঃ

বিপদৰ বন্ধু! বন্যাৰ্তৰ কাষত চিকিৎসকৰ ৰূপত থিয় দিছে মহকুমাধিপতি ডাঃ নেহাই…

G01 1