অসম আৰক্ষীক ৩১৫ বাইক প্রদান হিৰ’ৰ…

নিউজ ডেস্ক। অসম আৰক্ষীক ৩১৫ বাইক প্ৰদান হিৰ’ মট’কৰ্প লিমিটেডৰ।

এই বাইকসমূহ শুকুৰবাৰে অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যৰ জিলাসমূহৰ আৰক্ষীৰ মাজত বিতৰণ কৰে।

এই উপলক্ষে কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত ডিজিপিয়ে ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

24 06 22 Guwahati Motorcycles to the Districts police station 7
Pix By UB Photos.

উল্লেখ্য যে ‘হিৰ’ মট’কৰ্প লিমিটেড’-এ তেওঁলোকৰ ‘কৰ্প’ৰেট সামাজিক দায়বদ্ধতা’ কাৰ্যসূচীৰ অধীনত ৰাইজৰ সেৱাৰ্থে এই মটৰচাইকেলসমূহ অসম আৰক্ষীলৈ উপহাৰ হিচাপে আগবঢ়াইছে।

এই উপলক্ষে আয়োজিত এখন সভাত আৰক্ষী সঞ্চালক প্রধান মহন্তই হিৰ’ মট’কৰ্প লিমিটেডৰ কাৰ্যবাহীসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি এইসমূহে অসম আৰক্ষীক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে।

p8
অসম আৰক্ষীক ৩১৫ বাইক প্রদান হিৰ’ৰ... 6

সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহৰ ৰাইজক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰতো বাইকসমূহে যথেষ্ট সহায় কৰিব।

24 06 22 Guwahati Motorcycles to the Districts police station 5
Pix By UB Photos

উল্লেখ্য যে হিৰ’ মট’কৰ্প লিমিটেড’-এ আগবঢ়োৱা মুঠ ৩১৫খন মটৰচাইকেলৰ ভিতৰত ২৮৫খন হিৰ’ গ্লেমাৰ আৰু ৩০খন এক্সট্রিম ১৬০ আৰ মটৰচাইকেল।

p7
অসম আৰক্ষীক ৩১৫ বাইক প্রদান হিৰ’ৰ... 7

অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধানসকল ক্রমে এ ৱাই ভি কৃষ্ণা (চিআইডি), এম পি গুপ্তা (প্ৰশাসন) আৰু হীৰেন চন্দ্ৰ নাথ (এছবি)ৰ লগতে আৰক্ষী মহাপৰিদৰ্শকদ্বয় অনুৰাগ আগৰৱালা (প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখা) আৰু নিতুল গগৈ (প্রশাসন)ৰ উপৰি অন্যান্য উচ্চপদস্থ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

লগতে চাওকঃ

বিপদৰ বন্ধু! বন্যাৰ্তৰ কাষত চিকিৎসকৰ ৰূপত থিয় দিছে মহকুমাধিপতি ডাঃ নেহাই…

G01 1
অসম আৰক্ষীক ৩১৫ বাইক প্রদান হিৰ’ৰ... 8