আজি অসমলৈ আহিব NDA-ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু…

আজি অসমলৈ আহিব NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু।

আজি নিশা প্ৰায় ৮.৩০ মান বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’ব মুৰ্মু।

ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব নেত্ৰীগৰাকী।

বিমানবন্দৰত এন ডি এৰ প্ৰাৰ্থীগৰাকীক আদৰণি জনাব ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি নিশাটো হোটেল ৰিডিছন ব্লুত কটাব৷

কাইলৈ মিত্ৰজোঁটৰ বিধায়ক সকলৰ পৰা ভোট বিচাৰিব মুৰ্মুৱে।

একেলগে এক বৈঠকতো অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে৷

পাছে এইয়ো প্ৰথম অসম ভ্ৰমণ নহয় দ্ৰৌপদী মুৰ্মুৰ। ইয়াৰ পূৰ্বে ৭ দিনৰ বাবে অসমলৈ আহি থাকি গৈছি নেত্ৰী গৰাকী।

২০০৬ চনত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ বিশ্বনাথলৈ আহিছিল মুৰ্মু ৷

উল্লেখ্য যে, জুলাইৰ ১৮ তাৰিখ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহন।

যি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে দ্ৰৌপদি মুৰ্মু আৰু যশোৱন্ত সিন্হাই।

নিৰ্বাচনত জয়ী হোৱা গৰাকী হ’ব দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি।