নিউজ ডেস্কঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিক লৈ ৰহস্য।
ভুৱা জাতিগত প্ৰমাণপত্ৰৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ নৱ শৰণীয়াৰ বিৰুদ্ধে।
সাংসদগৰাকীৰ জাতিগত প্ৰমাণপত্ৰ পৰীক্ষণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
শুকুৰবাৰে নৱ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰৰ পৰীক্ষণ কৰিবলৈ ৰাজ্যিক জাতিগত নিৰীক্ষণ সমিতিক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।
সমিতিয়ে দুমাহৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব প্ৰতিবেদন।
উল্লেখ্য যে, বড়ো-কছাৰীৰ জাতিগত প্ৰমাণ পত্ৰৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সাংসদ নৱ কুমাৰ শৰণীয়া।
কিন্তু একাংশৰ অভিযোগ উত্থাপন কৰিছিল যে প্ৰকৃততে বড়ো-কছাৰী নহয় সাংসদগৰাকী।
২০১৯ চনতে জনকলাল বসুমতাৰীয়ে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল ৰাজ্যিক জাতিগত নীৰিক্ষণ সমিতিক।









