
মানসিক হাৰাশাস্তি! মাজনিশা চানমাৰি থানাত কণ্ঠশিল্পী দীপলিনা ডেকা…
মাজনিশা চানমাৰি থানাত উপস্থিত কণ্ঠশিল্পী দীপলিনা ডেকা।
মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ লৈ থানাত উপস্থিত কণ্ঠশিল্পীগৰাকী।
দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনাক।
অভিযোগ অনুসৰি, ফোনতো দীপলিনাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিচাৰিছিল নাথে।
আনকি শুকুৰবাৰে সন্ধিয়া দীপলিনাৰ বাসগৃহত অনধিকাৰ প্ৰৱেশ কৰিছিল নাথে।
ঘৰত প্ৰৱেশ কৰিয়ে দীপলিনাক অশ্লীল শব্দৰে গালি-গালাজ কৰাৰো অভিযোগ।
কণ্ঠশিল্পীগৰাকীৰ ঘৰৰ আচবাবো ভঙাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
উপায়ান্তৰ হৈ মাজনিশা আৰক্ষীৰ কাষ চাপি চানমাৰি থানাত দাখিল কৰে এজাহাৰ।
দীপলিনাৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।
ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীৰ সোধা-পোছা অব্যাহত ৰাখিছে মৃদুল নাথক।
দুবছৰ পূৰ্বে দীপলিনাক বিয়া কৰোৱা বুলিও দাবী কৰিছে লোকজনে।





