সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল জাগৰণ অসম

ৰাজ্যত পুনৰ এবাৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন।

সংস্থাপনহীনতা অথবা পাৰিবাৰিক-মানসিক কাৰণত বিগত কিছু দিনত অসমৰ বহুকেইগৰকা যুৱক-যুৱতীতে আলফা (স্বা)ত যোগ দিয়া বুলি চৰ্চা চলিছে।

তাৰ মাজতে এইবাৰ সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি আহিল আলফাৰ লেঞ্চ কৰ্প’ৰেল পৰ্যায়ৰ এজন নেতা।

p1 6
সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল জাগৰণ অসম 5

চৰাইদেউ জিলাৰ বৰহাট পূব নলবৰীয়া অঞ্চলৰ জাগৰণ অসম ওৰফে নিলোৎপল তামুলী নামৰ যুৱকজনে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাত অসম আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে।

জানিব পৰা মতে, ২০১৮ চনত সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা জাগৰণ অসম নিষিদ্ধঘোষিত সংগঠনটোৰ লেঞ্চ কৰ্প’ৰেল পৰ্যায়ৰ সদস্য আছিল।

1 2 1
সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল জাগৰণ অসম 6

কেডাৰজনে ম্যানমাৰস্থিত ৭৭৯নং শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত।

আত্মসমৰ্পণৰ সময়ত জাগৰণ অসমে এটা ৰাইফল, তিনিটা মেগজিন, ১৪৮ ৰাউণ্ড সক্রিয় গুলী, ২৫ কেজি ৭০০ গ্রাম আৰডিএক্সসহ অন্যান্য সামগ্ৰী আৰক্ষীক চমজাই দিয়ে।

G1 6
সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল জাগৰণ অসম 7

জানিব পৰা মতে আলফা কেডাৰগৰাকীয়ে প্ৰথমে পৰিয়ালৰ ওচৰত ফৌনিক বাৰ্তালাপৰ সময়ত আত্মসমৰ্পণৰ ইচ্ছা ব্যক্ত কৰিছিল।

তাৰ পিছতে পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰি জাগৰণ অসমৰ আত্মসমৰ্পণৰ পথ প্ৰশস্ত কৰে।

লগতে চাওকঃ

ছুইফ্ট ডিজায়াৰ বাহনৰ সৈতে সংঘৰ্ষত স্কুটী আৰােহী মহিলাৰ মৃত্যু, আহত ১

G4 2
সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সুঁতিলৈ উভতিল জাগৰণ অসম 8

Leave a Comment