আন্তঃৰাষ্ট্ৰীয়

পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ৰ পৰা আঁতৰিল পুটিনৰ প্ৰতিমূৰ্তি…

পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ৰ পৰা আঁতৰিল পুটিনৰ প্ৰতিমূৰ্তি।

নতুন যুগৰ হিটলাৰ ভ্লাদিমিৰ পুটিনৰ প্ৰতিমূৰ্তি সংগ্ৰহালয়ৰ পৰা আতঁৰালে পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে নিজকে সৰ্বশক্তিমান জাহিৰ কৰিবলৈ গৈ ইউক্ৰেইনত নমাই অনা বিভীষিকাৰ বিৰোধীতাৰে তেওঁৰ প্ৰতিমূৰ্তি সংগ্ৰহালয়ৰ পৰা আঁতৰোৱা হৈছে।

গ্ৰেভিন সংগ্ৰহালয়ৰ সঞ্চালকে কয়, ‘আমি হিটলাৰৰ দৰে স্বৈৰশাসকক কেতিয়াও প্ৰতিনিধিত্ব কৰা নাই, আমি আজি পুটিনকো প্ৰতিনিধিত্ব কৰিব নিবিচাৰো।’

উল্লেখ্য যে ২০০০ চনত স্থাপন কৰা পুটিনৰ প্ৰতিমূৰ্তিটো আঁতৰোৱাৰ পিছত তাৰ ঠাইত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেন্সকিৰ প্ৰতিমূৰ্তি ৰখা হব বুলিও জানিবলৈ দিয়ে সঞ্চালকে।

Leave a Reply

Your email address will not be published. Required fields are marked *