অসম

গাখীৰ দিয়া ‘গৰু’ক ভোট দিবলৈ মাজুলীবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ…

সমাগত মাজুলী উপ নিৰ্বাচন।

নিৰ্বাচনক লৈ সাজু শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

বৃহস্পতিবাৰে মাজুলীৰ ভকত চাপৰিৰ এখন নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- মাজুলীৰ ৰাইজে বিজেপিক লাইচেন্স দি থৈছেই, এইবাৰ ৰিনিউ কৰিলেই হ’ল। আগতে যি দলক ভোট দিছিল এইবাৰো সেই দলকে ভোট দিয়ক। এইটো চৰকাৰ ভঙা পতাৰ নিৰ্বাচন নহয়। দিছপুৰত বিজেপি চৰকাৰ যিহেতু আছেই, গতিকে ৰাইজে বিজেপি প্রার্থীগৰাকীক জয়ী কৰাই মাজুলীৰ উন্নয়ন ক্ষিপ্ত কৰক।

ভুবন গাম জয়ী হলে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু তেওঁ গামৰ কাষত সদায় থিয় হৈ থাকিব বুলি মন্তব্য কৰি কয় যে, মানুহে প্ৰাৰ্থীগৰাকীক কথা ক’ব নোৱাৰে বুলি সমালোচনা কৰে যদিও গাম প্ৰকৃততে কামৰ মানুহ। মাজুলীবাসীক কাম কৰা নে কথা কোৱা মানুহ লাগে বুলি তেওঁ প্রশ্ন তোলে।

আনহাতে কংগ্ৰেছ সমর্থিত জাতীয় পৰিষদ দলৰ প্রার্থী চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়া মানে গাখীৰ নিদিয়া মতা গৰু পুহি দানা খুওৱা বুলি কটাক্ষ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এইগৰাকী প্ৰাৰ্থী জিকিলে তেওঁৰ ঠিকনা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ হ’ব।গতিকে গাখীৰ দিয়া গৰুক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

সভাত জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা, সাংসদ প্রদান বৰুৱা প্ৰমুখ্যে সন্মিলিত গণশক্তি আৰু অগপৰ কেইবাগৰাকী নেতাই অংশগ্রহণ কৰে।

ভাষণ প্ৰসংগত তেওঁ মাজুলীৰ দহ হেজাৰ মহিলাক নিৰ্বাচনৰ পিচত অৰুণোদয় আঁচনি প্ৰদান কৰিব বুলি কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *