আন্তঃৰাষ্ট্ৰীয়অসমীয়া

সলনি হ’ল ‘ফেচবুক’ কােম্পানীৰ নাম!

নিউজ ডেস্ক। সলনি হ’ল ফেচবুকৰ হ’ল্ডিং কােম্পানীৰ নাম।

বিশ্বৰ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে বৃহস্পতিবাৰে ফেচবুকৰ মূল কােম্পানীৰ নতুন নাম ঘােষণা কৰে।

এতিয়াৰে পৰা এই কোম্পানীক ‘মেটা’ (Meta) নামেৰে জনা যাব।

কােম্পানীটােৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক জুকাৰবাৰ্গে কোম্পানীটােৰ বছৰেকীয়া লাইভষ্ট্ৰীম কৰা ভাৰ্চুৱেল আৰু অগমেন্টেড ৰিয়েলিটি কনফাৰেন্সত বক্তব্য ৰাখি এই কথা ঘােষণা কৰে।

তেওঁ কয় যে নতুন নামটােৱে কােম্পানীৰ ভৱিষ্যতৰ লক্ষ্য প্ৰতিফলিত কৰিছে, যাৰ অৰ্থ হৈছে ভাৰ্চুৱেল-ৰিয়েলিটি স্থান য’ত ব্যৱহাৰকাৰীসকলে কম্পিউটাৰ-উৎপন্ন পৰিৱেশ আৰু অন্যান্য ব্যৱহাৰকাৰীৰ সৈতে বাৰ্তালাপ কৰিব পাৰে।

উল্লেখ্য যে বিগত কিছু সময়ৰ ধৰি ফেচবুকে ৰি-ব্ৰেণ্ডিং কৰিবলৈ ওলাইছে বুলি বাতৰি প্ৰকাশ পাইছিল।

মাৰ্ক জুকাৰবাৰ্গে আৰু কয় যে ডিজিটেল পৃথিৱীত ভাৰ্চুৱেল ৰিয়েলিটিয়ে তথা কৃত্ৰিম বুদ্ধিমত্তাই ম’বাইলে ইণ্টাৰনেটৰ স্থান ল’ব।

অৱশ্যে ফেচবুক কােম্পানীৰ সকলাে এপৰ নাম একেই থাকিব। অৰ্থাৎ ফেচবুক, ইন্ষ্টাগ্ৰাম, মেছেঞ্জাৰ, ৱাট্ছএপৰ ম’বাইল এপৰ নামৰ কােনাে সালসলনি কৰা নাই কােম্পানীটােৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *