অসমীয়াঅসম

সমন্বয়ৰ বাৰ্তাৰ নামত বাংলা সাহিত্য সভাই বিকৃত ৰূপ দিলে স্বাভিমানৰ গামোচাখনক! তাৰ পিছতে অদ্ভুত যুক্তি সাহিত্যিক অনুৰাধা শর্মা পূজাৰীৰ…

নিউজ ডেস্কঃ অসমীয়াৰ স্বাভিমান গামোচাক পুনৰ অপমান!

এইবাৰ বাংলা সাহিত্য সভাৰ প্রথম ৰাজ্যিক সন্মিলনত বিকৃত ৰূপ পালে স্বাভিমানৰ গামোচাখনিয়ে।

সমন্বয়ৰ বাৰ্তা দিবলৈ গৈ অসমীয়াৰ ফুলাম গামোচা দুফাল কৰি বঙালীৰ গামোচাৰ সৈতে একত্ৰিত কৰিলে বাংলা সাহিত্য সভাই।

সেই গামোাচা পিন্ধায়েই সন্মিলনত আদৰণি জনোৱা হ’ল ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাহিত্যিকক।

image 116

সম্বনয়ৰ বাৰ্তা দিয়াৰ নামত বিকৃত কৰা স্বাভিমানৰ গামোচাখনকে ডিঙিত পিন্ধিলে খোদ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

ডিঙিত গামোচা পিন্ধিলে শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়েও।

কিন্তু স্বাভিমানৰ গামোচাখনক এনেদৰে অপমান কৰাৰ পিছতো মুখত এটা টু শব্দও নুফুটিল এইসকল নেতা-সাহিত্যিকৰ।

বৰং বাংলা সাহিত্য সভাৰ কাণ্ডৰ পক্ষতহে থিয় দি যুক্তি দৰ্শালে অনুৰাধা শৰ্মা পূজাৰীৰ দৰে খ্যাতনামা সাহিত্যিকে।

image 117

বাংলা সাহিত্য সভাই গামোচাক বিকৃত কৰা নাই বুলি মন্তব্য কৰি সাহিত্যিকগৰাকীয়ে আঙুলি টোঁৱালে গামোচাৰে চিলোৱা ব্লাউজ, চোলালৈ।

গামোচাৰে ব্লাউজ চিলাই বা টি-চাৰ্ট চিলাইহে গামোচাক অপমান কৰি অহা হৈছে বুলি দাবী অনুৰাধা শৰ্মা পূজাৰীৰ।

একে সুৰতে বাংলা আৰু অসমীয়াৰ গামোচাক একলগ কৰাৰ পক্ষত মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰো।

image 118

আনহাতে হাতত এই বিকৃত গামোচা লৈ ভাইৰেল পৰা এখন ফটো সন্দৰ্ভত স্পষ্টীকৰণ দি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে এই ফটোখন ডেৰ বছৰ পুৰণি।

শিলচৰ ভ্ৰমণৰ সময়ত তেওঁ এই গামোচাখন প্ৰতক্ষ্য কৰি আচৰিত হৈছিল বুলি মন্তব্য বিমল বৰাৰ।

অসমীয়াৰ স্বাভিমান গামোচাখনক লৈ এনেদৰে দায়ত্বজ্ঞানহীন মন্তব্য আৰু বিকৃতকৰণক লৈ সৰৱ হৈ পৰিছে বিভিন্ন মহল।

সামাজিক মাধ্যমতো এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, মন্ত্ৰী বিমল বৰা, ৰণোজ পেগু আৰু বাংলা সাহিত্য সভা।