অসমীয়াৰাষ্ট্ৰীয়

সভা চলি থকাৰ সময়তে কৃষক নেতা ৰাকেশ টিকাইটক চিঞাঁহীৰে আক্ৰমণ দুৰ্বৃত্তৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ কৃষকৰ এখন সভা চলি থকাৰ সময়তে চিঞাঁহী আক্ৰমণৰ বলি হ’ল কৃষক নেতা ৰাকেশ টিকাইট। কৰ্ণাটকত এখন সভাত কৃষক নেতাগৰাকীয়ে অংশ গ্ৰহণ কৰাৰ সময়তে এজন লোকে তেওঁক চিঞাঁহীৰে আক্ৰমণ কৰে। এই ঘটনাত বিজেপি জড়িত থকাৰ অভিযোগ তুলিছে ৰাকেশ টিকাইটে।

উল্লেখ্য যে, কৰ্ণাটকৰ এজন কৃষক নেতাৰ বিৰুদ্ধে ঘোচ লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সোমবাৰে বিয়লি এই সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈছিল। এই সভাখনত অন্যান্য কৃষক নেতাৰ সৈতে উপস্থিত আছিল ভাৰতীয় কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকাইটও।

image 191

সভাৰ অন্তত সংবাদ মেল সম্বোধন কৰাৰ ঠিক পূৰ্বে সভাথলীত দুৰ্বৃত্তৰ এটা প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হয়। অচিনাক্ত লোকৰ দলটোৱে সভাথলীত বয়-বস্ত ভাঙি সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে এজনে ৰাকেশ টিকাইটক চিঞাঁহীৰে আক্ৰমণ কৰে।

ইফালে স্থানীয় প্ৰশাসনৰ সহযোগত বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ তুলিছে কৃষক নেতা ৰাকেশ টিকাইটে।

image 192

সভথলীত কৰ্ণাটক চৰকাৰে কোনো নিৰপত্তা প্ৰদান নকৰা আৰু ঘটনাৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে।

অৱশ্যে এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত কৃষকৰ বছৰজোৰা আন্দোলনৰ নেতৃত্ব দিছিল ৰাকেশ টিকাইটে।

ইয়াৰ পিছতে একাংশ লোক কৃষক নেতাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ টিকাইটৰ বাহনতো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *