সন্ধানহীন কন্যাৰ ফটোসম্বলিত পোষ্টাৰ লৈ ৰাজপথত ঘূৰিছে পিতৃ-মাতৃ, বিচাৰিছে সহায়…

ৰাজপথত এহাল পিতৃ-মাতৃৰ হাহাকাৰ।

কেইবাদিন পূৰ্বে সন্ধানহীন হোৱা নিজ কন্যাক বিচাৰি নাপায় হাহাকাৰ কৰিছে পিতৃ-মাতৃয়ে।

হাতত ফটোসম্বলিত পোষ্টাৰ লৈ নিজ কন্যৰ সন্ধান বিচাৰি ৰাজপথে ৰাজপথে ঘূৰিছে দম্পতীয়ে।

এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে চিৰাং জিলাত৷

জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত পলাংশুগুৰি গাঁৱৰ জীৱন দাস আৰু পাৰ্বতি দাসৰ জীয়ৰী মিনতি দাস যোৱা ১৪ আগষ্টত পৰা সন্ধানহীন হৈ আছে।

ঘৰৰ পৰা বৰদেউতাকৰ ঘৰলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে মিনতি।

ঘটনা সন্দৰ্ভত আমগুৰি থানাত পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও ২৫ দিনৰ পিছতো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

সেয়ে উপায়ন্তৰ হৈ বৃহস্পতিবাৰে পিতৃ-মাতৃয়ে নিজৰ কন্যাপ সন্ধান বিচাৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আহি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

হাতত নিজ কন্যাক পোষ্টাৰ লৈ চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে পিতৃ-মাতৃয়ে ৷ 

অৱশেষত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় পিতৃ-মাতৃ।