ভাৰতৰ কহিনুৰৰ হাতত এইবাৰ ‘ডায়মণ্ড লীগ’ ট্ৰ’ফি, প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই…

পুনৰ স্বৰ্ণ জয় গোল্ডেন বয় নীৰজ চোপ্ৰাই।

ডায়মণ্ড লীগৰ ফাইনেলত জয়ী হৈ প্ৰথম গৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ নতুন ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই।

চুইজাৰলেণ্ডৰ জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগৰ দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ জেভলিন থ্ৰ’ৰে নীৰজে ইতিহাস ৰচিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে ২৪ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই ইতিহাস ৰচনা কৰে।

সন্মানীয় ডায়মণ্ড লীগ ফাইনেল খিতাপত স্বৰ্ণ জয় কৰি দেশৰ প্ৰথম এথলীট হিচাপে পৰিগণিত হয়।

জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰাৰ সেই খেলৰ প্ৰদৰ্শনৰ সময়ত আঘাত পাইছিল।

যাৰ বাবে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত অংশ গ্ৰহন কৰাৰ পৰা বঞ্চিত হৈছিল নীৰজ।