ৰাষ্ট্ৰীয়অসমীয়া

সত্য নাদেলা, সুন্দৰ পিচাইলৈ পদ্মভূষণ সন্মান

নিউজ ডেস্ক। ঘোষণা কৰা হৈছে এই বছৰৰ পদ্ম বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ তালিকা।

গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা মতে, এইবাৰ মুঠ ১২৮গৰাকী বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক প্ৰদান কৰা হব পদ্ম সন্মান।

তালিকাখনত চাৰিগৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৭ গৰাকীক পদ্মভূষণ আৰু ১০৭ গৰাকীক প্ৰদান কৰা হব পদ্মশ্ৰী সন্মান।

লক্ষণীয়ভাৱে ১২৮ গৰাকী বঁটা প্ৰাপকৰ ভিতৰত ৩৪ গৰাকী মহিলা আৰু তালিকাখনত বিদেশী/এনআৰআই/পিআইঅ’/অচিআই শ্ৰেণীৰ ১০ গৰাকী আৰু মৰণোত্তৰ বঁটা প্ৰাপ্ত ১৩ গৰাকী ব্যক্তিও অন্তৰ্ভুক্ত আছে।

FJ-Kvghak-AIw-Uw-B

সত্য নাদেলা

হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা চিডিএছ বিপিন ৰাৱটক অসামৰিক ক্ষেত্ৰখনত আগবঢ়োৱা সেৱাৰ সন্মান স্বৰূপে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হব।

তদুপৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যান সিং আৰু বিশিষ্ট সাহিত্যিক ৰাধেশ্যাম খেমকাকো মৰণোত্তৰভাৱে প্ৰদান কৰা হব পদ্ম বিভূষণ সন্মান। ইয়াৰ উপৰিও প্ৰখ্যাত লোকশিল্পী ডঃ প্ৰভা আত্ৰেকো প্ৰদান কৰা হব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ।

FJ-Kvdaak-AI-1uy

সুন্দৰ পিচাই

আনহাতে দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ লাভ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদ, মাইক্ৰচফ্ট কোম্পানীৰ চিইঅ’ সত্য নাদেলা, গুগলৰ এলফাবেট আইএনচিৰ চিইঅ’ সুন্দৰাজন পিচাইৰ লগতে বিভিন্ন ক্ষেত্ৰত জড়িত ১৭ গৰাকী ব্যক্তিয়ে।

উল্লেখ্য যে, ২৫ জানুৱাৰী ঘোষণা কৰা পদ্মশ্ৰী সন্মান লাভ কৰিছে অসমৰ বিশিষ্ট সমাজকৰ্মী শকুন্তলা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিয়ে।

তদুপৰি অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাকো পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *