অসমঅসমীয়া

জিলা হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে তামুলপুৰে…

নিউজ ডেস্ক। ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনাই জিলা হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে তামুলপুৰে।

ইয়াৰ পিছতে বিটিচিত জিলাৰ সংখ্যা ৫ খনলৈ বৃদ্ধি পোৱাৰ লগতে অসমৰ মুঠ জিলাৰ সংখ্যা হৈ পৰে ৩৫ খন।

1

উল্লেখ্য যে, ২৩ জানুৱাৰীত তামুলপুৰক জিলা হিচাপে ঘোষণা কৰাৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে অনুমোদন জনোৱা বুলি সদৰী কৰিছিল ৰাজ্য চৰকাৰে।

তাৰ পিছতে ২৬ জানুৱাৰী, ২০২২ত দৰঙ্গাজুলি, গইবাৰী, নাগ্ৰীজুলি আৰু শুক্লাইক সামৰি বিটিচিৰ পঞ্চমখন জিলা হিচাপে গঠন হয় তামুলপুৰ।

টুইটাৰ যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “নতুন জিলা তামুলপুৰত কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দেখি সুখী অনুভৱ কৰিছো। গণতন্ত্ৰ দিৱসৰ এই ক্ষণত মই শাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ আৰু সকলোকে এখন নতুন জিলাৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *