সততাৰে কাম কৰা চৰকাৰী কৰ্মচাৰীৰ বাঢ়িব এক বছৰ চাকৰিৰ কাৰ্যকালঃ মুখ্যমন্ত্ৰী…

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন।

সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

দুৰ্নীতিৰ পৰা দূৰত থকা চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰে আগবঢ়াব বিশেষ সন্মান।

সততাৰে কাম কৰা চৰকাৰী কৰ্মচাৰীৰ বাঢ়িব এক বছৰ চাকৰিৰ কাৰ্যকাল।

প্ৰতিজিলাত ৩ গৰাকীকৈ কৰ্মচাৰীক দিয়া হ’ব এই পুৰস্কাৰ। তাৰোপৰি, ৰাজ্যিক পৰ্যায়ত মুঠ ১০ গৰাকী কৰ্মচাৰীক দিয়া হব এই পুৰস্কাৰ।

আনহাতে ১৩ ৰ পৰা ১৫ আগষ্টলৈ সকলোৰে ঘৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

যদি উত্তোলন কৰে তেন্তে সন্ধিয়া ৬ বজাৰ লগে লগে সেই পতাকা নমাই আনি পিছদিনা পুনৰ উত্তোলম কৰিব পাৰিব। অন্যথা যি সকলে উৰুৱাই ৰাখিব বিচাৰে তেওঁলোকে উৰুৱাই ৰাখিব পাৰিব।

তাৰোপৰি, ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, মন্দিৰ-মছজিদ, কাৰ্যালয় আদিতো এইদৰে পতাকা উত্তোলন অথবা উৰুৱাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

চৰকাৰেও খাদী গ্ৰামোদ্যোগ বিভাগৰ ফালৰ পৰাও ৫০ লাখ জাতীয় পতাকা ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।

সেই পতাকা সমূহ চৰকাৰে সূলভ মূল্যৰ দোকানতো উপলব্ধ হোৱাকৈ ৰাখিব। লগতে সেই পতাকা সমূহৰ মূল্য নিৰ্ধাৰিত মূল্য হৈছে মাত্ৰ ১৮ টকা।

কভিডৰ সময়ত ঘাট মাউৰা শিশু সকলৰ ৮গৰাকীৰ ৭লাখ ৫০ হাজাৰ টকাৰ ফিক্স ডিপজিট কৰা হয়।

এই শিশু সকলে ২৪ বছৰ বয়সলৈ বেক একাউণ্টত পোনপটিয়াকৈ ৩৫০০ লাভ কৰি থাকিব।

২৪ বছৰ পাৰ হৈ যোৱাৰ পিছত ৭লাখ ৫০ হাজাৰ টকা উলিয়াই লবও পাৰিব নাইবা পুনৰ ৰি ইনভেষ্টো কৰিব পাৰিব।

মুখ্যমন্ত্ৰীয়ে কয়- প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদৰ আঁচনিৰ জৰিয়তে বহু পৰিয়ালক চৰকাৰৰ ফালৰ পৰা ১০০০ টকাকৈ প্ৰদান কৰা হয়, এইবাৰ ১০১৮ টকা প্ৰদান কৰা হব যাতে সেই ১৮ টকাৰে একোখন জাতীয় প্ৰতাকা ক্ৰয় কৰিব পাৰে।

২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ সকলোকে ফেচবুক, টুইটাৰ, হোৱাটএপত আদিৰ দৰে সামাদিক মাধ্যমৰ প্ৰফাইলত নিজৰ ফটোৰ সসলনি জাতীয় পতাকা লগাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ।