ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুলৈ ৭ লাখ ৬৭ হাজাৰ টকাৰ ফিক্সড ডিপোজিট কৰিব চৰকাৰে…

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সেই অনুসৰি কভিডৰ সময়ত পিতৃ-মাতৃক হেৰুওৱা ৮ গৰাকীকৈ শিশুলৈ ফিক্সড ডিপোজিট কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

শিশু সেৱা আঁচনিৰ জৰিয়তে মাক দেউতাৰ হেৰুওৱা শিশুক ৭লাখ ৬৭ হাজাৰ টকা ফিক্সড ডিপোজিট কৰিব চৰকাৰে।

শিশু সকলৰ ২৪ বছৰ বয়সলৈ বেংক একাউণ্টত পোনপটিয়াকৈ ৩৫০০ টকাকৈ লাভ কৰি থাকিব। এম.আই.এছ. ২৪ বছৰ বয়স লৈকে অব্যাহত থাকিব।

২৪ বছৰ পাৰ হোৱাৰ পিছত ৭লাখ ৬৭ হাজাৰ টকা উলিয়াই লবও পাৰিব নাইবা পুনৰ ৰি ইনভেষ্টো কৰিব পাৰিব।

এই সুবিধা লাভ কৰা শিশু সকল হৈছে- মনজিৎ বাড়ো, তছলিমা খাতুন, ৰাজু চৌহান, আন্নাছ আলী, অৰ্জুন পেগু, শিবা পেগু, শিৱানী পেগু আৰু প্ৰিয়ংকা কলিতা।

আনহাতে, কামৰূপ জিলাৰ বকোৰ চাটেকোনাৰ টিউজবাৰ আৰ মাৰাক(৯) আৰু জোৰেকা আৰ মাৰাক(৭) নামৰ দুটি অনাথ শিশুক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

শিশু দুটিৰ পিতৃ-মাতৃ মইনোদ ডি চাংমা আৰু চালজে আৰ মাৰাক ২০২১ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে হত্যাৰ বলি হৈছিল।