ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ইজনৰ পিছত সিজন লোকে।
এইবাৰ ওদালগুৰিত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে এটি কণমানিয়ে।
ওদালগুৰি সীমান্তৱৰ্তী ১নং বৈনাৰাত বনশ্ৰী ৰাজবংশী নামৰ এগৰাকী শিশুই হেৰুৱালে প্ৰাণ।
দৰঙৰ ২নং বৈনাৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী আছিল ১০বছৰীয়া বনশ্ৰী ৰাজবংশী।
প্ৰায় ২৬ দিনে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বনশ্ৰী।
বনশ্ৰীৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।









