‘সকলো ভূমিহীন নাগৰিকক ভূমি প্ৰদান কৰক’- অসম বিধানসভাৰ বাহিৰত শ্বেৰমান আলিৰ প্ৰতিবাদ…

আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিন।

প্ৰথম দিনটোত বটদ্ৰৱাৰ উচ্ছেদক লৈ AIUDFৰ সভা স্থগিত প্ৰস্তাৱ। প্ৰস্তাৱ নাকচ কৰে অধ্যক্ষই।

তাৰ পিছতে প্লে–কাৰ্ড প্ৰদৰ্শন কৰি AIUDFৰ বিধায়কে অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

সদনৰ পৰা ওলাই আহি বিধান সভা চৌহদতো AIUDF-এ সাব্যস্ত কৰে প্ৰতিবাদ।

AIUDFৰ বিধায়কৰ লগত একেলগেই প্ৰতিবাদলৈ ওলাই আহিল বিধায়ক শ্বেৰমান আলী।

বিধানসভা চৌহদত মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক শ্বেৰমান আলীয়ে।

শ্বেৰমান আলীয়ে মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতেই সংগ দিয়ে দলগাঁৱৰ বিধায়ক মুজিবৰ ৰহমানেও।

উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক আজি নিমাতী কইনা বুলি মন্তব্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাকো সমালোচনা কৰে শ্বেৰমান আলীয়ে।

ইফালে, উচ্ছেদ সন্দৰ্ভত শ্বেৰমান আলীয়ে কয়, চৰকাৰে প্ৰথমে বিকল্প ভূমিৰ ব্যৱস্থা কৰক, তাৰ পিছত উচ্ছেদ কৰক।