চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২১ ডিচেম্বৰ, বুধবাৰ

মেষ ৰাশি- কাৰ্যক্ষেত্ৰত সন্মান বৃদ্ধি পাব। আপোনাৰ সহায়কাৰী স্বভাৱ আৰু বহুমুখী গুণৰ বাবে আপুনি সকলোতে প্ৰশংসিত হ’ব। আজি ব্যৱসায়ীসকলৰ বাবে কঢ়িয়াই আনিছে এক শুভ লক্ষণ। ব্যৱসায়ীসকলে ভাল লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ তেওঁ উপাৰ্জনৰ নতুন উপায়ো বিচাৰি উলিয়াব পাৰিব। দাম্পত্য জীৱন সুখৰ হ’ব।

বৃষ ৰাশি- কৰ্মক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। আপোনাৰ কামত জ্যেষ্ঠ বিষয়া সন্তুষ্ট হ’ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত গুৰুত্ব নিদিলে লোকচানৰ সম্ভাৱনা অধিক। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ। পত্নীৰ সমৰ্থন লাভ কৰিব।

মিথুন ৰাশি- অতীতৰ অভিজ্ঞতাই কেৰিয়াৰ বৃদ্ধিত সহায় কৰিব, যাৰ বাবে সফলতাৰ নতুন শিখৰ লাভ কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ী সকলে আজি কোনো বিনিয়োগৰ সিদ্ধান্ত নভৱাকৈ গ্ৰহণ নকৰাই ভাল। পিতৃৰ সহযোগিতাই আপোনাৰ ব্যৱসায়িক লাভ বৃদ্ধি কৰিব। ঘৰত ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- কৰ্মক্ষেত্ৰত আজি গুৰু দায়িত্ব পাব পাৰে, গতিকে দায়িত্ব পালন কৰিবলৈ যদি আপুনি আগতীয়াকৈ পৰিকল্পনা কৰি কাম কৰে তেন্তে কামৰ ভাল ফলাফল পাব। ব্যৱসায়ী সকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে অভিজ্ঞজনৰ পৰামৰ্শ গ্ৰহণ কৰক। শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে জড়িত সকলে আজি লাভ কৰিব বিশেষ সন্মান। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। দাম্পত্যত শুভ।

সিংহ ৰাশি- কেৰিয়াৰৰ ক্ষেত্ৰত নতুন আৰম্ভণি কৰা এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো ভাল হ’ব। কঠোৰ পৰিশ্ৰম কৰিলে আকাংক্ষিত ফল পোৱা যাব। ব্যৱসায় ক্ষিপ্ৰ কৰিবলৈ ব্যৱসায়ীসকলে অধিক কষ্ট কৰিব লাগিব, যদিও ইয়াৰ ফলাফলো ভাল হ’ব। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। নতুন বিনিয়োগ লাভজনক প্ৰমাণিত হ’ব। ঘৰত সুখৰ পৰিৱেশ থাকিব।

কন্যা ৰাশি- নেতিবাচক চিন্তা পৰিহাৰ কৰক। ব্যৱসায়ৰ বৃদ্ধি আৰু সম্প্ৰসাৰণৰ বাবে অভিজ্ঞ ব্যক্তিক ব্যৱসায়ত জড়িত কৰক। হঠাৎ ধন লাভ কৰিব পাৰে। ঘৰত সুখৰ পৰিৱেশ থাকিব। কোনো এক ভাল খবৰে আপোনাক আজি আনন্দিত কৰিব তুলিব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পিতৃ-মাতৃৰ পৰাও আজি সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- কুটিল ৰাজনীতি আৰু ষড়যন্ত্ৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। চাকৰিত পদোন্নতিৰ বাবে সুযোগ লাভ কৰিব যদিও শত্ৰুৰ বাবে সেই সুযোগ হেৰুৱাবও পাৰে। ধৈৰ্য বৰ্তাই ৰাখক। ব্যৱসায়ীসকলে অধিক লাভৰ লোভত কাৰোবাৰ লগত অন্যায় কৰাৰ পৰা বিৰত থাকিব লাগিব। পত্নীৰ স্বাস্থৰ উন্নতি হ’ব। বিত্তীয় অৱস্থা কিছু দুৰ্বল হ’ব পাৰে।

বৃশ্চিক ৰাশি- কাৰ্যালয়ৰ কাম সম্পূৰ্ণ কৰা বা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উচ্চ বিষয়াৰ পৰা গুৰুত্বপূৰ্ণ মতামত লাভ কৰিব পাৰে। গ্ৰাহকৰ চাহিদাৰ বাবে খুচুৰা ব্যৱসায়ীসকলে সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ বাবে চিন্তিত হৈ পৰিব। বন্ধু অথবা পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

ধনু ৰাশি- খং পৰিহাৰ কৰক আৰু ধৈৰ্যৰে সিদ্ধান্তবোৰ লওক। পৰিয়ালত এক গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন হ’ব পাৰে। আপোনাৰ সিদ্ধান্তই আজি পৰিয়ালৰ কোনো সদস্যক আঘাত দিব পাৰে। ব্যৱসায়িক সংক্ৰান্তত কৰা ভ্ৰমণ লাভজনক প্ৰমাণিত হ’ব। বিদেশত অধ্যয়নৰত সকলে ঘৰলৈ উভতি অহাৰ পৰিকল্পনা কৰিব পাৰে। এটা সুসংবাদ লাভ কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আজি কৰ্মশৈলীত কিছু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। পৰিৱৰ্তন অবাঞ্চিত হ’লে মনটো কিছু হতাশ হৈ পৰিব পাৰে। ব্যৱসায়িক চুক্তি কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়িক বিষয়ত ৰিস্ক লোৱাটো সঠিক নহয়। মাতৃ বা পিতৃৰ পৰামৰ্শই আজি আপোনাক লাভাৱাম্বিত কৰিব। ঘৰলৈ অহা অতিথিৰ পৰা উপহাৰ লাভ কৰিব পাৰে।

কুম্ভ ৰাশি- অপ্ৰয়োজনীয় কথা-বতৰাৰ পৰা নিজকে আঁতৰাই ৰাখক। কামত মনোনিৱেশ কৰি থাকিলে ভাল হ’ব। ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে এই ভ্ৰমণ আপুনি আশা কৰা ধৰণে নহ’বও পাৰে। আৰ্থিক লোকচানৰ পৰা বাচিবলৈ কোনো ৰিস্কি বিনিয়োগ নকৰাই ভাল। বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্যত শুভ।

মীন ৰাশি- বুদ্ধিমত্তাৰে গ্ৰহণ কৰা সিদ্ধান্তই আপোনাক এক ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। শিক্ষা আৰু সাহিত্যৰ সৈতে জড়িত সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ব। ৰাজনীতিৰ সৈতে জড়িত সকলে আকাংক্ষিত পদ লাভ কৰিবলৈ অপেক্ষা কৰিব লাগিব। শত্ৰুৰ পৰা সাৱধান হৈ থাকক। হঠাৎ ধন লাভ কৰিব। ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ নামত ব্যয় বৃদ্ধি পাব পাৰে।