যোৰহাটৰ জে বি কলেজৰ ৰেগিং কাণ্ডত জড়িতক শাস্তি ঘোষণা…

ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সমান্তৰালকৈ পোহৰলৈ আহিছিল উজনি অসমৰ আন এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জে বি কলেজৰ ৰেগিং কাণ্ড।

উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ হোষ্টেলত সংঘটিত হোৱা ৰেগিং কাণ্ডৰ সন্দৰ্ভত এণ্টি ৰেগিং কমিটীয়ে তদন্ত কৰি এই ৰেগিঙৰ সৈতে জড়িত বহু কেইজন শিক্ষাৰ্থীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

হোষ্টেলৰ প্ৰাক্তন আৱাসী অংকুৰ চাওদাঙক হোষ্টেলত আজীৱন প্ৰৱেশ নিষেধ।

ইয়াৰ লগতে জিন্তু চেত্ৰী, বিশাল ৰংপি, বিক্ৰমাদিত্য বৰা আৰু আকাশজ্যোতি শইকীয়াক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

বিক্ৰমাদিত্য বৰাৰ ছাত্র একতা সভাৰ বিষয়ববীয়াৰ পদ খাৰিজ কৰাৰ লগতে সুমিত ৰায়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদো খাৰিজ কৰা হয়।

আনহাতে ঘটনা সন্দৰ্ভত তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে প্ৰমাণ পোৱা নগ’ল যদিও তেওঁলোকক সতৰ্কবাণী দিয়া হৈছে।

উল্লেখ্য, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেগিঙৰ ঘটনাক লৈ ভুক্তভোগী ছাত্ৰৰ অভিযোগৰ ভিত্তিত কলেজ কৰ্তৃপক্ষই ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল।