সংৰক্ষণ কৰা হ’ব পদ্মশ্রী প্রয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ৰজাদিনীয়া ‘হাৱা মহল’, কেবিনেটৰ সিদ্ধান্ত…

দীর্ঘদিনে অৱহেলিত হৈ থকা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী, পদ্মশ্রী প্রয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ।

ধুবুৰীৰ গৌৰীপুৰৰ নাতিদূৰৈৰ মাটিয়াবাগৰ ৰজাদিনীয়া ‘হাৱা মহল’ আৰু শিল্পীগৰাকীৰ সাংস্কৃতিক অৱদানসমূহক চিৰযুগমীয়া আৰু ঐতিহ্য কেন্দ্র হিচাপে সংৰক্ষণ কৰাৰ বাবে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কৃতী যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন জনায়।

এই সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ধুবুৰীবাসীকে ধৰি শিল্পীগৰাকীৰ অগণন গুণমুগ্ধ আৰু শিল্পী সমাজে।

1099
সংৰক্ষণ কৰা হ'ব পদ্মশ্রী প্রয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ৰজাদিনীয়া ‘হাৱা মহল', কেবিনেটৰ সিদ্ধান্ত... 2

আশা কৰা হৈছে, চৰকাৰৰ এই সিদ্ধান্তই অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু লোক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব।

শিল্পীগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ সংগীত সাধনাৰ পীঠস্থান অনাদৃত মাটিয়াবাগৰ উক্ত ‘হাৱা মহল ‘টোক এক সংগ্ৰহালয়ৰূপে স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল তদানীন্তন চৰকাৰখনে।

অৱশেষত বৰ্তমানৰ চৰকাৰখনে সেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সিদ্ধান্ত লোৱাত ধুবুৰীবাসীৰ সপোন পূৰণ হোৱাৰ পথত।

উল্লেখ্য যে, গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰভাত চন্দ্ৰ বৰুৱাই ১৯১৪ চনতেই গদাধৰ নৈৰ পাৰৰ মাটিয়াবহ নামৰ সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰিছিল এই ৰাজ অট্টালিকা সদৃশ ভৱনটো। প্রথম মহাসমৰৰ সময়ত ১৯১৪ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মহলাটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ সময় লাগিছিল ১০ বছৰ।

তেতিয়াৰ দিনত তিনি লাখ ৪০ হাজাৰ টকা ব্যয়সাপেক্ষে কলকাতাৰ ‘চাইনা টাউন’ৰপৰা অহা চীনা মিস্ত্রীয়ে সাজি উলিয়াইছিল এই মহলটো। মহলটোত বর্তমানে হিন্দু, মোগল আৰু বৃটিছ স্থাপত্য কলাৰ উপাদান দেখা পোৱা যায়।

‘হাৱা মহল’ক গৌৰীপুৰৰ ৰাজপৰিয়ালে মূলতঃ ৰাজ অতিথিশালা তথা গ্রীষ্ম আৱাসৰূপে ব্যৱহাৰ কৰিছিল। মহলটোত আছিল বিভিন্ন আপুৰুগীয়া তৈলচিত্র, আলোকচিত্র, বিভিন্ন ধৰণৰ ৰজাদিনীয়া মাৰণাস্ত্ৰকে ধৰি অন্যান্য বহু ঐতিহাসিক সামগ্ৰী।

ৰজাদিনীয়া এই ইতিহাস জীয়াই ৰখাৰ স্বাৰ্থত নামনি অসমৰ জমিদাৰী প্ৰথা তথা পুৰণি অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাসৰ সৈতে জড়িত থকা সেই সামগ্ৰীবোৰৰ সংৰক্ষণৰ প্ৰয়োজন থকা বুলি সময়ে সময়ে দাবী উত্থাপন হৈ আহিছিল।