উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ…

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে লাট মণ্ডল ৰঞ্জিত মহন্তৰ ।

৫ হেজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ হাতত যোৱা ২৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল  নগাঁও সদৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জিত মহন্ত। মাটি নামজাৰিৰ বাবদ দাবী কৰা ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল মহন্ত।

ইয়াৰ পিচতে তেওঁ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

আদালতত অভিযুক্তৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তা বিজন মহাজনে কয় যে, লাটমণ্ডল ৰঞ্জিত মহন্ত যোৱা ১৩ দিন ধৰি জিম্মাত আছে আৰু সমগ্ৰ গোচৰৰ অনুসন্ধান প্রক্রিয়া সম্পূর্ণ হৈছে।

তদুপৰি তদন্তকাৰী সংস্থাই নথি-পত্রমূলক তথ্য-প্রমাণ জব্দ কৰাই নহয়, অভিযুক্তৰ কণ্ঠস্বৰ পৰীক্ষা কৰা পৰ্যায়ো সম্পূৰ্ণ কৰিছে।