উদুলি-মুদুলি বশিষ্ঠৰ নৱ নিৰ্মিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়।
আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ল বাজপেয়ী ভৱন।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাড্ডাৰ উপস্থিতিত উদ্বোধন কৰা হয় বিজেপিৰ নৱ নিৰ্মিত ৰাজ্যিক কাৰ্যালয়টো।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলক উপস্থিত থাকে।
Showing respect to the seniors, an ethos of Indian culture, is a cornerstone of our party's tradition.
— Himanta Biswa Sarma (@himantabiswa) October 8, 2022
Honoured to have washed the feet of our respected senior BJP functionaries whose immense contributions helped strengthen our party's base in the early phase in Assam. pic.twitter.com/dKGXvZPASy
উদ্বোধনৰ পূৰ্বে বিজেপি কাৰ্যালয়ত জ্যেষ্ঠজনক সাদৰ-সম্ভাষণ জনায় চৰণ ধুৱাই আশীৰ্বাদ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, বিয়লি ১ বজাৰ পৰা খানাপাৰা খেল পথাৰত অনুষ্ঠিত কৰা হৈছে এক জন সমাৱেশৰ।
প্ৰায় ৬ হেজাৰ লোকৰ উপস্থিতিত সভাত বহু গুৰুত্বপূৰ্ণ বিষয়ত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব অমিত শ্বাহে।









