সংস্কাৰমুখী বাট! স্বামীৰ মৃত্যুৰ পিছত বগা সাজ পিন্ধিবলৈ বাধ্য হোৱা এগৰাকী মহিলাক ৰঙীন সাজ পিন্ধালে অসমৰে এখন সমাজে…

নিউজ ডেস্কঃ বৈধব্য জীৱন কিমান ভয়াবহ, সেয়া জনাই জানে। শুভ্ৰ সাজযোৰৰ আঁৰত নিজৰ সমস্ত আশা-আকাংক্ষা ঢাকি স্বামীৰ মৃত্যুৰ পিছত এক যন্ত্ৰণাদগ্ধ জীৱন পাৰ কৰিবলগীয়া হয় বিধৱা সকলে।

সমাজৰ এনে ভুল পৰম্পৰাৰে অৱসান ঘটাব বিচাৰিছে অসমৰে এখন আধুনিক সমাজে।

স্বামীৰ মৃত্যুৰ পিছত বগা সাজৰ আঁৰত যাতে কোনো মহিলাই নিজৰ আশা আকাংক্ষাক লুকুৱাই ৰাখিবলগীয়া নহয়, তাৰ বাবেই অলপতে স্বামীক হেৰুওৱা এগৰাকী মহিলাক ৰঙীন সাজ পিন্ধাই সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰিছে সমাজখনে।

g1 7
সংস্কাৰমুখী বাট! স্বামীৰ মৃত্যুৰ পিছত বগা সাজ পিন্ধিবলৈ বাধ্য হোৱা এগৰাকী মহিলাক ৰঙীন সাজ পিন্ধালে অসমৰে এখন সমাজে… 3

কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ মহিলা সমাজে দেখুৱালে সংস্কাৰমুখী চিন্তাৰ উন্মেষ ঘটনাই গাঁওখনৰ দীপামণি বৰা ভূঞা নামৰ মহিলাগৰাকীক পিন্ধায় ৰঙীন সাজ।

উল্লেখ্য যে, এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মাত্ৰ ১২ দিন পূৰ্বে মৃত্যু ঘটিছিল দীপামণি বৰা ভূঞাৰ স্বামীৰ।

পৰম্পৰা অনুসৰি, স্বামীৰ মৃত্যুৰ পিছত নিজৰ জীৱনৰ ৰং মচি আন বিধৱাৰ দৰেই বগা সাজযোৰকে আঁকোৱালি লৈছিল দীপামণি বৰা ভূঞাইও।

photo1666251628
সংস্কাৰমুখী বাট! স্বামীৰ মৃত্যুৰ পিছত বগা সাজ পিন্ধিবলৈ বাধ্য হোৱা এগৰাকী মহিলাক ৰঙীন সাজ পিন্ধালে অসমৰে এখন সমাজে… 4

কিন্তু গাঁওখনৰ মহিলা সমাজে মহিলাগৰাকীৰ স্বামীৰ আদ্য শ্ৰাদ্ধৰ পিছত অৰ্থাৎ ১২ দিনৰ দিনা তেওঁৰ দেহৰ পৰা বগা সাজযোৰ সোলোকাই ৰঙীন সাজ পিন্ধাই পুনৰ পুৰণি জীৱন প্ৰদান কৰে।

উল্লেখ্য যে, দীপামণি বৰা ভূঞা এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ আৰু সাংস্কৃতিক কৰ্মী হিচাপে সুপৰিত।

কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰা দীপামণি বৰা ভূঞাৰ দ্বাৰা পৰিচালিত, প্ৰযোজিত কেইবাখনো ধাৰাবাহিক, তথ্য চিত্ৰ আৰু চুটি ছবি গুৱাহাটী দূৰদৰ্শন আৰু দিল্লীৰ কৃষাণ চেনেলত ইতিমধ্যে সম্প্ৰচাৰ হৈছে।