নিউজ ডেস্কঃ বুধবাৰে পুৱা জুবিন গাৰ্গৰ অসুস্থতাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে চিন্তিত হৈ পৰে কণ্ঠশিল্পীগৰাকীৰ লাখ লাখ অনুৰাগী। জুবিনৰ আশু আৰোগ্য কামনা কৰি মন্দিৰে-মছজিদে প্ৰাৰ্থনা জনাইছে তেওঁৰ অনুৰাগী সকলে।
উল্লেখ্য বুধবাৰে ডিব্ৰুগড়ত থকা জুবিন গাৰ্গে হঠাৎ অসুস্থ অনুভৱ কৰাত তেওঁক সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পূৰ্বে মঙলবাৰে বিয়লি বাথৰুমত পিচল খাই মূৰত আঘাত পাইছিল জুবিনে। যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মূৰত চিলাই কৰিবলগীয়া হৈছিল।
কিন্তু বুধবাৰে পুৱা জুবিনক হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে জুবিন গাৰ্গৰ চিকিৎসা আৰম্ভ কৰে। আইচিইউত ভৰ্তি কৰা চলোৱা হয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ চিকিৎসা। চিকিৎসকে জানিবলৈ দিয়া মতে, জুবিন ডিহাইড্ৰেশ্যনত ভুগি থকাৰ বাবেই দুৰ্বল হৈ পৰিছিল।

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জুবিনৰ অসুস্থতাৰ খবৰ লাভ কৰি তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। প্ৰয়োজন হ’লে জুবিনক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সযোগে কলকতা বা দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰাৰ বিষয়েও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ তৎপৰতাতে জুবিনক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, জুবিনৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। কণ্ঠশিল্পীগৰাকীৰ চিকিৎসাৰ সমস্ত খৰছ বহন কৰিব ৰাজ্য চৰকাৰে।
আনহাতে জুবিনৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত জানিবলৈ দি তেওঁৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন বৰ্তমান সংকটমুক্ত। তেওঁক গুৱাহাটীলৈ অনাৰ বিষয়ে কথা পাতি থকা হৈছে।
অন্যহাতে জুবিন গাৰ্গে মঙলবাৰে বাথৰুমত পিচল খাই পৰাৰ সৈতে আজি অসুস্থ অনুভৱ কৰাৰ মাজত কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰি পত্নী গৰিমা শইকীয়াই। তেওঁ কয় যে মঙলবাৰে যদিও জুবিন বাথৰুমত পিচল খাই পৰিছিল, তথাপিও তাৰ পিছত তেওঁ সুস্থ হৈয়ে আছিল।
কিন্তু বুধবাৰে পুৱাৰ ভাগত কণ্ঠশিল্পীগৰাকীয়ে দুৰ্বল অনুভৱ কৰাৰ বাবেহে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অসুস্থতাই উদ্বিগ্ন কৰি তুলিছে অনুৰাগীসকলক। কিন্তু সঞ্জীৱনী চিকিৎসালয়ৰ চিকিৎসক আৰু পত্নী গৰিমা শইকীয়াই কণ্ঠশিল্পীগৰাকীৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ পিছতহে স্বস্তিৰ নিশ্বাস এৰিছে অনুৰাগীসকলে।










1 thought on “সংকটমুক্ত জুবিন গাৰ্গ! পত্নী গৰিমা শইকীয়াই আৰু কি ক’লে কণ্ঠশিল্পীগৰাকীৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত”
Comments are closed.