চাঞ্চল্যকৰ! বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ১০ জনৰ, অসুস্থ হৈ চিকিৎসাধীন কুৰি জনৰো অধিক

নিউজ ডেস্কঃ এক ৰহস্যজনক পৰিস্থিতিত বিষাক্ত সুৰা পান কৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ১০ জনকৈ লোকে। বিষাক্ত সুৰা পান কৰি অসুস্থ হৈ পৰা আন কুৰি জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে হাস্পতালত।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ হাওৰাত। অভিযোগ অনুসৰি, বুধবাৰে মালিপঞ্চঘোৰা অঞ্চলৰ এখন সুৰা বিপনীৰ পৰা ক্ৰয় কৰা অবৈধ সুৰা পান কৰাৰ পিছতে মৃত্যু ঘটে ১০ জনকৈ লোকৰ।

কিন্তু আৰক্ষীয়ে এই ঘটনাটোৰ নিশ্চিতি প্ৰদান নকৰি কয় যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত জানিব পৰা যাব।

স্থানীয় লোকৰ অভিযোগ অনসৰি, পূৰ্বেও একেখন সুৰা বিপনীৰ পৰা ক্ৰয় কৰা সুৰা সেৱনৰ ফলত কাষৰীয়া অঞ্চলৰ কেইবাজনো লোকৰ মৃত্যু ঘটিছিল। কিন্তু সেই সময়ত আৰক্ষীক অৱগত নকৰাকৈয়ে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।

image 204
চাঞ্চল্যকৰ! বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ১০ জনৰ, অসুস্থ হৈ চিকিৎসাধীন কুৰি জনৰো অধিক 2

অৱশ‍্যে স্থানীয় আৰক্ষীয়ে অতীতত এনেধৰণৰ কোনো কথাৰ বিষয়ে তেওঁলোক অৱগত নাছিল বুলি জানিবলৈ দিছে ।

অবৈধ সুৰাৰ বাবে এনেধৰনে সুৰাপায়ীৰ মৃত্যু হোৱা বুলি উঠা অভিযোগ এইবাৰেই প্ৰথম নহয়। এই মাহৰ আৰম্ভণিতেও পূব বৰ্ধমান জিলাত ৮ জন লোকৰ মৃত্যু হোৱাত, তেওঁলোকৰ পৰিয়ালে মৃত্যুৰ কাৰণ এই বিষাক্ত দেশীয় সুৰা বুলি দাবী কৰিছিল।

ইতিমধ্যে উক্ত অঞ্চলত আবকাৰী বিভাগ উপস্থিত হৈ সুৰাৰ বিপনীৰ পৰা সুৰাৰ নমুনা সংগ্ৰহ কৰি ৰাসায়নিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। চিকিৎসাধীন কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।