সংকটজনক বিশিষ্ট সাংবাদিক শিৱনাথ বৰ্মনৰ অৱস্থা! নেমকেয়াৰৰ ICUত চিকিৎসাধীন…

নিউজ ডেস্কঃ গুৰুতৰভাৱে অসুস্থ ৰাজ্যৰ বিশিষ্ট সাংবাদিক, লেখক, শিক্ষাবিদ শিৱনাথ বৰ্মন।

বিগত এসপ্তাহ ধৰি চিকিৎসাধীন নেমকেয়াৰ হাস্পতালৰ আইচিইউত।

বৃক্কজনিত ৰোগৰ লগতে মধুমেহ, হাওঁফাওঁ আৰু হৃদজনিত সমস্যাত আক্ৰান্ত প্ৰবীণ সাংবাদিকগৰাকী।

বৰ্তমান নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে শিৱনাথ বৰ্মনৰ চিকিৎসা।

কিন্তু বৰ্মনৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিবলৈ দিছে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডা০ হিতেশ বৰুৱাই।

ইফালে সাংবাদিক শিৱনাথ বৰ্মনৰ আশু আৰোগ্য কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেওঁৰ অলেখ গুণমুগ্ধই।