কােন হ’ব অসমৰ পৰৱৰ্তী ডিজিপি? চৰ্চাৰ শীৰ্ষত IPS জি পি সিঙৰ নাম…

নিউজ ডেস্কঃ অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান কোন হ’ব, তাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰীত বৰ্তমানৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰিব।

তাৰ পিছত ডিজিপিৰ আসনত কোন উপৱিষ্ট হ’ব, তাক লৈ গুণা-গাঁথা চলিছে দিছপুৰৰ ভিতৰে-বাহিৰে।

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধানৰ বাবে কেইবাগৰাকীও জ্যেষ্ঠ আইপিএছ বিষয়াৰ নাম সন্মুখলৈ আহিলেও সকলোতকৈ চৰ্চাত আছে বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে কৰ্তব্যৰত আইপিএছ জিপি সিং।

আনহাতে পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে জিপি সিঙৰ নাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই বাছনি কৰা বুলিও খবৰ প্ৰকাশ পাইছে।

উল্লেখ্য যে, ১৯৯১ বেচৰ অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়া মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপেও পৰিচিত।

বৰ্তমান অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আইপিএছ বিষয়াগৰাকী এনআইএত ৬ বছৰ ডেপুটেশ্যনত আছিল যদিও ২০১৯ চনৰ ডিচেম্বৰৰ ‘কা’ বিৰোধী আন্দোলনৰ সময়তে তেওঁক অসমলৈ ঘূৰাই অনা হয়।

সেই সময়ত ৰাজ্য উত্তাল কৰা ‘কা’ বিৰোধী আন্দোলন দমন কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জিপি সিঙে।

এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াকে ইউপিএছচিৰ বাছনিৰ পাছত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি প্ৰদান কৰা হ’ব বুলি চৰ্চা চলিছে।