ষষ্ঠ শ্ৰেণীৰ পৰীক্ষাত বহিল এখন দেশৰ সকলো সাংসদ! কিন্তু পৰীক্ষাৰ ফলাফল কি জানেনে?

নিউজ ডেস্কঃ ভাৰতৰ ৰাজনীতিকক লৈ এক বদনাম আছে। সেয়া হৈছে- যিসকল পঢ়া-শুনাত কেঁচা, তেওঁলোকেহে ৰাজনীতিত ভৰি দিয়ে।

এই বদমান অৱশ্যেই বহুখিনি সত্যও। কাৰণ জনতাক সেই সকলৰ লোকেই শাসন কৰি আছে, যাৰ শিক্ষাগত অৰ্হতা তেনেই কম।

অষ্টম শ্ৰেণীলৈকে পঢ়া, কোনোমতে মেট্ৰিকৰ দেওনা পাৰ কৰা নেতা-ৰাজনীতিবিদেই আজি দেশৰ শিক্ষা-অৰ্থনীতিক লৈ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। এয়া জনতাৰ বাবে দুৰ্ভাগ্য!

কিন্তু কেৱল ভাৰতৰে ৰাজনীতিবিদৰ ক্ষেত্ৰত নহয়, এনে বহু দেশ আছে, যাৰ নেতা-মন্ত্ৰীও শিক্ষাৰ দিশৰ পৰা তেনেই দুৰ্বল।

সেয়াই প্ৰমাণ হ’ল ব্ৰিটিছ সাংসদ সকলৰ সৈতেও।

বৃটিছ সাংসদ সকলৰ মাজত শেহতীয়াকৈ এক পৰীক্ষা অনুষ্ঠিত কৰিছিল এটা সংস্থাই। পৰীক্ষাত দিয়া হৈছিল ষষ্ঠ শ্ৰেণীৰ প্ৰশ্ন। এই পৰীক্ষাৰ গণিত আৰু ইংৰাজী বিষয়ৰ ফলাফলে প্ৰমাণ কৰিলে বৃটিছ সাংসদৰ শিক্ষাগত অৰ্হতা কিমান।

দৰাচলতে অপ্ৰয়োজনীয় পৰীক্ষাসমূহ বাতিল কৰিবলৈ লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত আয়োজন কৰা হৈছিল এক পৰীক্ষাৰ। সাংসদ সকলৰ মাজত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল ‘ম’ৰ দেন এ স্ক’ৰ’ নামৰ এটা প্ৰচাৰ গোটে।

ষষ্ঠ শ্ৰেণীৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই দেশৰ শিক্ষা বাছনি সমিতিৰ অধ্যক্ষ ৰবিন ৱাকাৰো।

কিন্তু পৰীক্ষাৰ ফলাফলেহে হতভম্ব কৰে সকলোকে। কিয়নো পৰীক্ষাত গণিত আৰু ইংৰাজী বিষয়ত অনুতীৰ্ণ হয় আধাতকৈ অধিক সাংসদ।

সমান্তৰালভাৱে ব্যাকৰণ, বানান আৰু যতি চিহ্নৰ ব্যৱহাৰতো অৰ্ধেক সাংসদৰ অৱস্থা তথৈবচ!

পৰীক্ষাত গণিত বিষয়ত ৭১ শতাংশ সাংসদে আৰু ইংৰাজী বিষয়ত ৭২ শতাংশ সাংসদ উত্তীৰ্ণ হ’লেও অধিক সংখ্যক সাংসদে কোনোমতেহে পাছ মাৰ্কছ লাভ কৰিবলৈ সক্ষম হয়। অধিকেতো সেয়াও লাভ কৰিবলৈ সক্ষম নহ’ল।

এই পৰীক্ষাৰ অভিজ্ঞতা সম্পৰ্কে সাংসদ এমা হাৰ্ডিয়ে কয়, “এই ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰাটো অতি প্ৰয়োজনীয়। যাতে আমি সেই ল’ৰা-ছোৱালীবোৰৰ অৱস্থা বুজিব পাৰো যে তেওঁলোকৰ ওপৰত কিমান চাপ থাকে।’’

বৃটিছ সাংসদৰ শিক্ষাৰ এনে তথৈবচ অৱস্থাই এতিয়া স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।