মেট্ৰিক দিয়াৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি চৰ্চাত এগৰাকী ছাত্ৰ, অৰ্জন কৰিলে এই কৃতিত্ব…

নিউজ ডেস্কঃ সাধাৰণতে এগৰাকী শিক্ষাৰ্থী ১৬ বছৰ বয়সত মেট্ৰিকত অৱতীৰ্ণ হয়। তাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীলৈ মাজত আৰু প্ৰায় ৭ বছৰৰ ব্যৱধান।

কিন্তু মাত্ৰ ১৬ বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি এক অনন্য কৃতিত্বৰ গৰাকী হ’ল হায়দৰাবাদৰ এজন ছাত্ৰ।

সমান্তৰালভাৱে কম বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ছাত্ৰ হিচাপেও পৰিগণিত হ’ল তেওঁ।

হায়দৰাবাদৰ এইগৰাকী ছাত্ৰৰ নাম হৈছে অগস্ত্য জয়ছৱাল।

image 53
মেট্ৰিক দিয়াৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি চৰ্চাত এগৰাকী ছাত্ৰ, অৰ্জন কৰিলে এই কৃতিত্ব… 4

১৪ বছৰ বয়সত স্নাতক ডিগ্ৰী সম্পন্ন কৰাৰ পিছত ওছমানিয়া বিশ্ববিদ্যালয়ত সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নাম ভৰ্তি কৰিছিল অগস্ত্যই।

তাৰ পিছত মাত্ৰ ১৬ বছৰ বয়সতে এই ডিগ্ৰীও লাভ কৰি ভাৰতৰ কম বয়সীয়া স্নাতকোত্তৰ ডিগ্ৰীধাৰী হিচাপে কৃতিত্ব অৰ্জন কৰে অগস্ত্যই।

image 54
মেট্ৰিক দিয়াৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি চৰ্চাত এগৰাকী ছাত্ৰ, অৰ্জন কৰিলে এই কৃতিত্ব… 5

নিজৰ এই কৃতিত্বৰ বাবে পিতৃ অশ্বিনী কুমাৰ জয়ছৱাল আৰু মাতৃ ভাগ্যলক্ষ্মী জয়ছৱালক ধন্যবাদ জনায় অগস্ত্যই।

অতি মেধাৱী ছাত্ৰজনে কয়, ‘মোৰ পিতৃ-মাতৃয়ে মোক সৰুৰে পৰাই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ শিকাইছে। যাৰ বাবে মই আজি এই স্থানত উপনীত হ’বলৈ সক্ষম হৈছো।’

image 55
মেট্ৰিক দিয়াৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি চৰ্চাত এগৰাকী ছাত্ৰ, অৰ্জন কৰিলে এই কৃতিত্ব… 6

উল্লেখ্য যে, সৰুৰে পৰাই অতি মেধাৱী অগস্ত্য জয়ছৱাল অধ্যয়নৰ সমান্তৰালভাৱে দুয়োখন হাতেৰে একে সময়তে লিখিবও পাৰে।

তদুপৰি এগৰাকী ভাল টেবুল টেনিছ খেলুৱৈ হিচাপেও সুপৰিচিত অগস্ত্য। তেওঁৰ ভাতৃও এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ খেলুৱৈ।