প্ৰাক্তন সাংসদ, সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ…

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত।

প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগ।

বৰাকৰ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেত্ৰীগৰাকীৰ পদত্যাগৰ খবৰে ৰাজ্যৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে।

টুইটাৰত নিজকে প্ৰাক্তন কংগ্ৰেছী বুলি উল্লেখ কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে।

ইতিমধ্যে পদত্যাগ বিচাৰি ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে নেত্ৰীগৰাকীয়ে।

পত্ৰত কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰাও অব্যাহতি বিচাৰিছে সুস্মিতা দেৱে।

Leave a Comment