শ্বহীদ বিদ্যাসিং লেকথেৰ ঘৰত উপস্থিত মন্ত্ৰী, পৰিয়াললৈ আৰ্থিক সাহায্য-চাকৰিৰ আশ্বাস

নিউজ ডেস্ক। পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত শ্বহীদ গৃহৰক্ষী বিদ্যাছিং লেকথেৰ ঘৰত উপস্থিত হ’ল মন্ত্ৰী যােগেন মহন।

এই ঘটনাৰ ৬ দিনৰ পিছত বিদ্যাছিং লেকথেৰ পৰিয়ালক এছডিআৰফ আঁচনিৰ অধীনত ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ লগতে বন বিভাগৰ তৰফৰ পৰা ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

316829262 1167483320857049 5538562340381859137 n
শ্বহীদ বিদ্যাসিং লেকথেৰ ঘৰত উপস্থিত মন্ত্ৰী, পৰিয়াললৈ আৰ্থিক সাহায্য-চাকৰিৰ আশ্বাস 2

তেওঁ লগতে কয় যে বিদ্যাছিং লেকথেৰ নামেৰে নামকৰণ হ’ব কাৰ্যালয়। উক্ত চৰকাৰী কাৰ্যালয় চৌহদত লেকথেৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।

বিদ্যাছিঙৰ পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰো আশ্বাস।