শোকাৱহ দুৰ্ঘটনা! দ্রুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন যুৱক, উত্তেজিত ৰাইজৰ পথ অৱৰোধ…

এক শোকাৱহ পথ দুৰ্ঘটনা.

দ্রুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন যুৱক।

সৰুপেটাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

সৰুপেটাৰ সমীপৱৰ্তী বৰবড়ী গাঁৱৰ কাজিম আলীৰ পুত্ৰ কাইমুদ্দিন আলীয়ে (২৭) সৰুপেটা বজাৰলৈ নিজৰ বাইকখনেৰে যোৱাৰ সময়তে ভৱানীপুৰ-মানাহ অভয়াৰণ্য পথৰ সৰুপেটা হস্ততাঁত বিভাগৰ পৰিদৰ্শন কাৰ্যালয়ৰ সন্মুখত দ্রুতবেগী এ এছ-০১- জে চি-৩০৭৩ নম্বৰৰ ডাম্পাৰখনে মহটিয়াই নিয়ে।

ফলত কাইমুদ্দিন ঘটনাস্থলীতে নিহত হয়।

ইপিনে দুর্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইপিনে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত।

সৰুপেটা ভৱানীপুৰ অঞ্চলত অবৈধভাবে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ ফলত ইতিমধ্যে বহু লোক নিহত আৰু ঘূণীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি দুর্ঘটনাস্থলীতে শতাধিক লোকে উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে আৰু ভৱানীপুৰ-মানাহ পথ কিছু সময়ৰ বাবে অৱৰোধ কৰে।

ৰাইজে দ্ৰুতবেগী ডাম্পাৰসমূহক নাকী লগোৱাৰ বাবে প্ৰশাসনক দাবী জনোৱাৰ লগতে দিনৰ ভাগত ডাম্পাৰ চলোৱাত বাধা প্ৰদান কৰাৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰে।

পাছত সৰুপেটা আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সৰুপেটা অঞ্চলৰ একাংশ সচেতন ৰাইজে ভৱানীপুৰ-মানাহ পথেৰে শিল-বালিৰ অবৈধ ৰমৰমীয়া ব্যৱসায় বন বিভাগৰ একাংশ বিষয়াৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পৰিবহণ বিভাগৰো বিষয়া এই চক্ৰত জড়িত হৈ আছে বুলি জানিবলৈ দিছে।