পাশৱিক কাণ্ড! পথাৰৰ পকা ধান খোৱাৰ বাবেই ফাঁচি লগাই গো-ধনক নিৰ্মম হত্যা…

এক অতি নিৰ্মম আৰু জঘণ্য ঘটনা।

পথাৰৰ পকা ধান খোৱাৰ বাবেই ফাঁচি লগাই গো-ধনক নিৰ্মম হত্যা।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰৰ ধনশিৰী মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত দিলজানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

পথাৰৰ পকা ধান খোৱাৰ বাবেই ৰচিৰে গছত উলোমাই হত্যা কৰা হ’ল গো-ধনক।

এই ঘটনাৰ পিছতে গৰুৰ গৰাকীয়ে কাষ চাপে আৰক্ষীৰ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

এনেদৰে গো-ধনক নিৰ্মম ভাৱে হত্যা কৰাক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।