অসম

শোকাৱহ! সদ্যবিবাহিত পত্নীক লৈ গেংটক ফুৰিবলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে মুনজিতে…

এক শোকাৱহ ঘটনা।

সদ্যবিবাহিত পত্নীক লৈ গেংটক ফুৰিবলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে এগৰাকী যুৱকে।

ৰঙিয়া চহৰৰ শান্তিপুৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী শম্ভুৰাম দাসৰ জ্যেষ্ঠ পুত্র মুনজিৎ দাসে (৩৪) সদ্যবিবাহিত পত্নীক লৈ গেংটকলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক সাবটি লয়।

জানিব পৰা মতে, পত্নীক লৈ গেংটকলৈ ফুৰিবলৈ যোৱা মুনজিৎ ১৯ নৱেম্বৰত পাহাৰৰ পৰা নামি অহাৰ সময়তে যোৱা উশাহ-নিশাহত কষ্ট অনুভৱ কৰে।

315859346 166432519467494 8834467018479176629 n

লগে লগে মুনজিতক কোচবিহাৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা তাতেই শেষ নিশ্বাস ত্যাগ কৰে।

ইপিনে মুনজিতৰ পত্নীও গুৰুতৰভাৱে অসুস্থ হৈ পৰে যদিও পৰৱৰ্তী সময়ত চিকিৎসা গ্ৰহণ কৰি সুস্থ হয়।

316216297 166432549467491 609752607099200622 n

আজি পুৱা তেওঁৰ মৃতদেহ ৰঙিয়া আহি পোৱাৰ পিচতে এক শোকাকুল পৰিবেশৰ মাজৰে শেষকৃত্য সম্পন্ন কৰা হয়।

উল্লেখ্য যে, অতি মেধাৱী আৰু এমটেক ডিগ্ৰীধাৰী মুনজিৎ দাসে অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডিগ্রীও লাভ কৰিছিল।

316000082 166432546134158 2956344265240902 n

সম্প্ৰতি ৰঙিয়াত থাকিয়েই আমেৰিকান কোম্পানী এটাৰ প্ৰজেক্টত কাম কৰি আছিল মুনজিতে।

মেধাৱী যুৱকজনৰ মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰিছে।